নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৃষি সমবায় বিভাগৰ পৰ্যালোচনা বৈঠক

নিয়মীয়া বাৰ্তা ২৬ জুনঃ মুখ্যমন্ত্ৰী ড০  হিমন্ত বিশ্ব শৰ্মাই  আজি কৃষি, সমবায় ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ উপস্থিতিত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ, সমবায় বিভাগ তথা সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মিলিত হৈ ৰাজ্যখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়িত হৈ থকা সমগ্ৰ ব্যৱস্থাৱলীৰ বুজ লয়৷
 ৰেচন কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি থকা দৰিদ্ৰ্য সীমাৰেখাৰ ওপৰৰ সকলো হিতাধিকাৰীৰ এই কাৰ্ড ঘূৰাই লোৱাৰ ব্যৱস্থা কৰিবলৈ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷
 সকলো সুলভ মূল্যৰ সামগ্ৰীৰ দোকানে যাতে প্ৰতি কুইণ্টল সামগ্ৰীৰ পৰিবহন ব্যয়ৰ বাবদ ১৪৩ টকাকৈ লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগক এই সম্পৰ্কীয় বিধি সংশোধন কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰে৷
 বিভাগে এতিয়াৰে পৰা গাঁও পঞ্চায়ত সমবায় সমিতিসমূহক প্ৰদানৰ বাবে বাজেটৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰিব৷
 ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যথাযথ ৰূপায়ণৰ সুবিধাৰ্থে এতিয়াৰে পৰা সমবায় সমিতিসমূহে সকলো দিশত পৰ্যবেক্ষক তথা নিৰীক্ষকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব৷
 ৰেচন কাৰ্ডৰ গ্ৰাহকৰ সংখ্যা অনুসৰি সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ সংখ্যা নিয়মীয়া কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকতে নিৰ্দেশ দিয়ে৷
You might also like