নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহৰ ভিতৰতে কমিব চাউলৰ দাম : মন্ত্ৰী ৰঞ্জিত দাস

🔴পাঠশালাত বজালী জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় উদ্বোধন

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ “অহা দুই-এদিন বা এসপ্তাহৰ ভিতৰত ৰাজ্যত চাউলৰ দাম কমিব৷ সমগ্ৰ বিশ্বত প্ৰয়োজনীয় চাউলৰ ৩০ শতাংশতকৈ অধিক চাউল ভাৰতৰ পৰা অন্য দেশলৈ ৰপ্তানি হয়৷ সেয়েহে ভাৰতবৰ্ষত চাউলৰ দাম অইন দেশতকৈ বহুত কম৷ কিন্তু বিভিন্ন বস্তুৰ মূল্যবৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকক সকাহ দিয়াৰ উদ্দেশ্যে যোৱা এসপ্তাহৰ পৰা ভাৰত চৰকাৰে চাউলৰ ৰপ্তানি বন্ধ কৰিছে৷ এনে এক প্ৰেক্ষাপটতে ৰাজ্যত চাউলৰ দাম অতি শীঘ্ৰে কমিব বুলি মই ভাবো৷ কিন্তু বাকী যিবোৰ সামগ্ৰীৰ ওপৰত আমি অইন ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল সেইবোৰৰ দাম কমোৱাটো আমাৰ হাতত নাই৷ যেনে আমি সৰিয়হৰ তেল ৭০ শতাংশ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়৷ মাত্ৰ ৩০ শতাংশহে আমাৰ দেশত উৎপাদন হোৱা সৰিয়হৰ খেতি যদি অসমৰ, ভাৰতৰ কৃষকে কৰে তেতিয়াহ’লেহে তেলৰ দাম কমিব। আৰু সৰিয়হৰ খেতি কৰিবলৈ ভাৰত চৰকাৰে বিনামূলীয়া বীজ বিতৰণৰ ব্যৱস্থা কৰাৰ লগতে ন্যুনতম সমৰ্থন মূল্য ৫৪৪৫ টকা ধাৰ্য কৰিছে৷ কিন্তু পৰৰ ওপৰত নিৰ্ভৰশীল হলে দাম কেনেকৈ কমিব?” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি পাঠশালাত বজালী জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়টি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী দাসে৷ অনুষ্ঠানৰ পিছতে মূল্যবৃদ্ধি সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে উক্ত মন্তব্য কৰি বস্তুৰ দাম ইচ্চাকৃতভাৱে কোনেও বৃদ্ধি নকৰে বুলি মন্তব্য কৰি এয়া যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰশীল বুলি কৈ বৰপেটা জিলাৰ পাকা বেটবাৰী ব্লকটো অকস্মাতে অসমৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে যদিও সেই সন্দৰ্ভত আন একো কোৱাৰ পৰা বিৰত থাকে৷ আনহাতে কালি বিৰোধী দলৰ নেতা দেবব্ৰত শইকীয়াই বিজেপিৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী জন প্ৰতিনিধিয়ে যি সমৰ্পিত মনোভাৱেৰে কাম কৰি আহিছে তেনে ক্ষেত্ৰত এয়া এক অবান্তৰ কথা৷ তেওঁ কয় যে যেতিয়ালৈকে অসমৰ মানুহৰ হৃদয়ত অসমীয়া স্বাভিমান আৰু ভাৰতীয় স্বাভিমান থাকিব, তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিকে ভোট দিব৷ ইপিনে চিপি এম বিধায়কৰ সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয়,”আমি যেতিয়া বিৰোধী হৈ আছিলো সেই সময়ৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰত প্ৰতি মাহে  গৈছিলো, সমষ্টিৰ ৰাইজৰ বাবে মৰম বিচাৰিছিল‍ো৷ যাৰ ফলত আমাৰ কাম হৈছিল, সমষ্টিৰ লাভ হৈছিল। কিন্তু এতিয়া চিপিআইএমৰ হেমেন দাসে হওঁক বা মনোৰঞ্জন তালুকদাৰেই হওঁক তেওলোকে মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীক গালি পাৰি থাকে কাৰণে তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমষ্টি পিছপৰি গৈছে। কাৰণ আমি যদি ঘৰৰ এজন ভাতৃক অনবৰতে গালিয়েই পাৰি থাকো তেতিয়া তেওঁ আমাক কিয় সহায় কৰিব?” আনহাতে অহা ১৭ ছেপ্তেম্বৰত ৰাজ্যত এক কোটি গছপুলি ৰোপন সন্দৰ্ভত বৰপেটা জিলাৰ নাৰ্চাৰীসমূহত গছপুলিৰ অভাৱ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গছপুলিৰ কাৰনে ৰাইজে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিয়নো গছপুলিৰ প্ৰয়োজনীয় চাহিদা পুৰণ কৰাৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা গছপুলি আমদানি কৰাৰ চিন্তা চৰ্চা কৰি থকা হৈছে৷ আনহাতে আগন্তুক দিনত যাতে তিনি কোটি গছপুলি অসমতে পাব পাৰি তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি দাসে মন্তব্য কৰে৷ আজিৰ এই কাৰ্যালয় উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি ভবানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰে বিৰোধী দলপতিৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে বিজেপিৰ প্ৰতি যদি ৰাইজৰ মোহভংগ হৈছে তেন্তে ৰাইজে কাক সমৰ্থন দিব৷ কাৰণ কংগ্ৰেছৰ ভূপেন বৰাৰ মতিভ্ৰম হৈছে আৰু তেখেতৰ চিকিৎসাৰ প্ৰয়োজন৷ পৰমপিতা শ্ৰীকৃষ্ণক যিজনে ব্যভিচাৰীৰ ৰূপত প্ৰতিস্থিত কৰিব বিছাৰিছে তেওঁৰ স্থিতি কিবা আছে জানো বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে বাকী আন দলটো অসমত নাই বুলিবই পাৰি। আনহাতে বিৰোধী ঐক্যৰ শক্তি কি, সমষ্টি কি, তেওঁলোক কলৈ যাব বুলি প্ৰশ্ন কৰি বিৰোধী ঐক্যৰ বজালীত এখন সভা পাতি দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় বিধায়ক ফনীধৰ তালুকদাৰে৷ পাঠশালা নগৰৰ তিনি নম্বৰ ৱাৰ্ডত মুকলি কৰা এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী দাসৰ সতে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, বিভাগটোৰ অধীক্ষক অভিযন্তা পুলক চৌধুৰী, কাৰ্যবাহী অভিযন্তা কমলজিৎ গায়ন প্ৰমুখ্যে বিভাগটোৰ বিষয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like