🔴 ভাৰপ্ৰাপ্ত অধ্যক্ষ-বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
নিয়মীয়া বাৰ্তা, ৮ জুলাই : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বাঘমাৰাচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শেহতীয়াকৈ বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ নেতৃ্ত্বত আৰু পৰিচালনা সমিতিৰ দুগৰাকীকৈ সদস্যৰ সহযোগত বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ নামত চৰকাৰে যোগান ধৰা চাউল নিশাৰ আন্ধাৰত চোৰাংকৈ ক’লা বজাৰত বিক্ৰী কৰাৰ এক চাঞ্চল্যৰ তথ্য পোহৰলৈ আনিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৰ বাঘমাৰাচৰ আঞ্চলিক সমিতিয়ে ৷ আমছুৰ বাঘমাৰাচৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ অভিযোগ অনুসৰি বাঘমাৰাচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ খলিলুৰ ৰহমানৰ নেতৃত্বত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ক্ৰমে কাবিল উদ্দিন শ্বেখ আৰু ইমান আলী ফকিৰৰ সহযোগত যোৱা ২২ জুনৰ নিশা প্ৰায় ১:৩০ বজাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বৃহৎ পৰিমাণৰ চাউল অতি কৌশলেৰে আন্ধাৰৰ সুযোগত চোৰাংকৈ ক’লা বজাৰত বিক্ৰী কৰে | অকল সেয়াই নহয়, চলিত বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ মধ্যাহ্ন ভোজনৰ চাউল পৰিচালনা সমিতিৰ উল্লেখিত সদস্য দুজনৰ হতুৱাই উঠাই লোৱা হয় যদিও ৰহস্যজনকভাৱে বিদ্যালয়খনৰ গুদাম ঘৰত অনাৰ বিপৰীতে আদবাটতে ক’লা বজাৰত বিক্ৰী কৰি দিয়া বুলি চাঞ্চল্যকৰ অভিযোগ কৰে সংগঠনটোৰ নেতা-কৰ্মী সকলে ৷ উল্লেখযোগ্য যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল ক’লা বজাৰত বিক্ৰী কৰা সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে সংগঠনটোৰ আগত ইতিমধ্যেই স্বীকাৰোক্তি দিয়া বুলি সংগঠনৰ কৰ্মকৰ্তাসকলে সদৰী কৰে ৷ ইপিনে, সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক ন্যায় বিচাৰি দাবী জনাইছিল যদিও সংগঠনটোৰ কোনো কথাতে গুৰুত্ব প্ৰদান নকৰাত আজি সংগঠনৰ কৰ্মকৰ্তাসকলে বাঘমাৰাচৰ বজাৰ প্ৰাংগণত চাউল চুৰিৰ লগতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তসাপেক্ষে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰি খলিলুৰ ৰহমান হায় হায়, দুৰ্নীতি কৰা শিক্ষক আমাক নালাগে, দুৰ্নীতি সংঘটিত কৰা শিক্ষক খলিলুৰ ৰহমানক নিলম্বন কৰক, মধ্যাহ্ন ভোজনৰ চাউল চোৰাংকৈ ক’লা বজাৰত বিক্ৰী কৰা কাৰ্য মানি লোবা নহ’ব, দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ শীঘ্ৰে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চোৰাংকৈ ক’লা বজাৰত বিক্ৰী কৰা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তসাপেক্ষে ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৰ নেতা- কৰ্মীসকলে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস