নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা সৱলীকৰণৰ ৰাষ্ট্রীয় পৰ্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ৰ লগ’–ৱেবছাইট মুকলি ৰিণিকি ভূঞা শর্মাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মহিলাসকলক সকলো দিশতেই আগুৱাই নিয়া তথা স্বাৱলম্বীৰ পথ দেখুওৱাৰ লক্ষ্যৰে এক ৰাষ্ট্রীয় পর্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ গুৱাহাটীত মুকলি কৰা হৈছে৷ মহিলা উদ্যোগী তথা ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই মহিলাৰ ৰাষ্ট্রীয় পর্যায়ৰ মঞ্চ ‘ৱ’মানিয়াছ’ৰ লগ’ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰে৷

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ৰিণিকি ভূঞা শর্মাই ভাষণত কয়- ‘অতি সুন্দৰ পদক্ষেপ। মহিলাৰ বাবে নতুনকৈ আৰম্ভ কৰা ‘ৱ’মানিয়াছ’ নেটৱর্কিঙে মহিলাক লক্ষ্যপ্রাপ্তিত উপকৃত কৰিব৷ মহিলাসকলক চাকৰিৰ লগতে ব্যৱসায়িক ক্ষেত্রতো সহায় কৰিব৷ ‘আদ্যা’ৰ জৰিয়তে আমিও ইয়াত অংশ লৈছো।’

দিব্যা চিয়তীয়া, নপূৰ আগৰৱালা আৰু নিতা শর্মাই মহিলাসকলক সমর্থন আৰু আগবঢ়াই নিয়াৰ বাবে ৰাষ্ট্রীয় পর্যায়ৰ মহিলাৰ মঞ্চ ‘ৱ’মানিয়াছ’ প্রতিষ্ঠা কৰিছে৷ গুৱাহাটীত হ’ব ‘ৱ’মানিয়াছ’ৰ মুখ্য কার্যালয়৷ একেদৰে ৰেগনী আগৰৱালাক ৰাষ্ট্রীয় পৰিচালনা সঞ্চালক হিচাপে দায়িত্ব প্রদান কৰা হৈছে৷

ৰেগনী আগৰৱালাই বিভিন্ন প্রান্তৰ মুৰব্বীসকলক প্রশিক্ষণ দিব আৰু প্রতিগৰাকী মহিলা উদ্যোগীক সর্বাধিক দীর্ঘম্যাদী ব্যৱসায়ৰ সুযোগ দিয়াৰ ক্ষেত্রত সহায় কৰিব৷ এই সন্দর্ভত ৱ’মানিয়াছৰ প্রতিষ্ঠাপক সদস্য দিব্যা চিয়তীয়াই কয় যে প্রতিখন সমাজৰ মহিলাসকলক সফল উদ্যোগী কৰাৰ স্বার্থতেই এই মঞ্চ গঠন কৰা হৈছে৷

এই মঞ্চৰ জৰিয়তে মহিলাসকলক প্রশিক্ষণ দি লক্ষ্যপ্রাপ্তিৰ ক্ষেত্রত আগুৱাই নিয়া হ’ব৷ অহা ১ আৰু ২ মার্চত গুৱাহাটীত প্রথম সংস্কৰণৰ কাম আৰম্ভ কৰিব৷ নিতা শর্মাই কয় যে মহিলাৰ বাবে সকলো ক্ষেত্রতেই সুবিধা আছে৷ এইক্ষেত্রত কেৱল সহযোগিতাৰ আৱশ্যক৷

You might also like