নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰা দাগী, ৰকিবুল অপ্রাসংগিক

শীর্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক ৰূপজ্যোতিয়ে

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ  মহাজোঁট গঠনেৰে বিজেপিক ক্ষমতাৰ পৰা ওফৰাই চৰকাৰ গঠনৰ সমীকৰণত ব্যস্ত থকা কংগ্রেছ দলৰ অভ্যন্তৰত আৰম্ভ হৈছে ভয়ংকৰ বিদ্রোহ৷ এ আই ইউ ডি এফৰ সৈতে আসন বুজাবুজিক লৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ইখনৰ পাছত সিখন বৈঠকত ব্যস্ত থকাৰ সময়তে সভাপতিৰ লগতে দলত কেইবাজনো জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে মুকলি ক্ষোভ প্রকাশ কৰিলে মৰিয়নিৰ বিধায়ক তথা দলৰ অন্যতম জ্যেষ্ঠ নেতা ৰূপজ্যোতি কুর্মীয়ে৷ বিধায়ক কুর্মীৰ স্পষ্ট মত– সভাপতি হিচাপে ৰিপুণ বৰাৰ প্রশাসন দুর্বল৷ তেওঁৰ গাত দাগ আছে৷ গতিকে সভাপতি পদৰ পৰা আঁতৰি গৈ তেওঁ আন এজনক দায়িত্ব দিব লাগে৷ উল্লেখ্য যে ‘নিউজ লাইভ’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিধায়ক ৰূপজ্যোতি কুর্মীয়ে সভাপতি ৰিপুণ বৰাৰ লগতে প্রাক্তন মন্ত্রী তথা বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধেও মুকলিকৈ ক্ষোভ উজাৰিলে৷

উল্লেখ্য যে বিধানসভা নির্বাচনক লৈ শেহতীয়াকৈ কংগ্রেছৰ একাংশ নেতাই নিজাববীয়াকৈ সভা অনুষ্ঠিত কৰি আহিছে৷ এইক্ষেত্রত বিধায়ক ৰকিবুল হুছেইনে উজনি অসমত কেইবাখনো সভা অনুষ্ঠিত কৰাই নহয়, মিত্রতাৰ প্রসংগক লৈও নিজাববীয়াকৈ মন্তব্য প্রকাশ কৰি আহিছে৷ এই বিষয়টোক লৈ দলৰ কেইবাজনো নেতাই হাইকমাণ্ডক অভিযোগ দিয়াত শেহতীয়াকৈ এনেধৰণৰ বৈঠক এ আই চি চিক নজনোৱাকৈ অনুষ্ঠিত নকৰিবলৈ অসমৰ পর্যবেক্ষকৰ দায়িত্বত থকা জিতেন্দ্র সিঙে স্পষ্ট কৰি দিছে৷ এই প্রসংগকে আঙুলিয়াই ৰূপজ্যোতি কুর্মীৰ মন্তব্য– প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ কার্যকালত ১৫ বছৰ ধৰি মন্ত্রী হৈ থকা একাংশ নেতাৰ বাবেই কংগ্রেছে বিগত নির্বাচনত পৰাজয়বৰণ কৰিব লগা হৈছিল৷ পুনৰ সেই নেতাসকলৰ মুখ ভোটাৰ ৰাইজে চাব বিচৰা নাই৷ কিন্তু এইসকল নেতাই সভা অনুষ্ঠিত কৰাৰ ফলত দল লোকচানৰহে সন্মুখীন হ’ব৷

ৰকিবুল হুছেইনক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয়– ৰকিবুল হুছেইন দলৰ কোনো নেতা নহয়৷ তেওঁ বিধায়িনী দলৰ উপ–সভাপতিহে৷ শেহতীয়াকৈ ৰকিবুল হুছেইনে শিৱসাগৰ, তিনিচুকীয়া আদি জিলাত যি সভা অনুষ্ঠিত কৰিছে, সেয়া দলৰ সভাপতি, বিৰোধী দলপতি, জিলা সভাপতি, ব্লক কংগ্রেছ অৱগত নহয়৷ এনে ক্ষেত্রত কাৰ অনুমতি লৈ ৰকিবুল হুছেইনে এই সভাবোৰ অনুষ্ঠিত কৰিছে, সেয়াহে বিচার্যৰ বিষয়৷ দৰাচলতে দলৰ নৱনিযুক্ত পর্যবেক্ষক জিতেন্দ্র সিঙৰ আগমনৰ পূর্বে তেওঁ নিজকে শক্তিশালী দেখুৱাবলৈ এই সভাবোৰ অনুষ্ঠিত কৰিছিল৷ যাৰ বাবে হাইকমাণ্ড ক্ষুব্ধ হৈছে আৰু নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিবলগীয়া হৈছে৷ ৰকিবুল হুছেইনে এনেদৰে ঘূৰি ফুৰিলে দলৰ ক্ষতিহে হ’ব৷

উল্লেখ্য যে নির্বাচনৰ পূর্বে দলৰ নেতাসকলক একগোট হৈ প্রস্তুতি চলাবলৈ কেন্দ্রীয় নেতৃত্বই পৰামর্শ দি আহিছে যদিও প্রদেশ কংগ্রেছ এতিয়া কেইবাটাও লবীত বিভক্ত হৈছে৷ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটা লবী সক্রিয় হৈ থকাৰ বিপৰীতে ৰকিবুল হুছেইনে একাংশ বিধায়কক লৈ আন এক লবী সৃষ্টি কৰিছে৷ সমান্তৰালভাৱে বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ নেতৃত্বতো আন এক লবী সৃষ্টি হৈছে৷ কার্যতঃ বহুধাবিভক্ত হৈ পৰা কংগ্রেছত এতিয়া চলিছে নেতৃত্বক লৈ সংঘাত৷ ৰিপুণ বৰাক সভাপতি পদৰ পৰা আঁতৰ কৰোৱাৰ বাবেও দলৰ ভিতৰত চলিছে তৎপৰতা৷ অন্তঃকন্দলত জর্জৰ কংগ্রেছত এইবাৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে সৃষ্টি কৰা মুকলি বিদ্রোহে দলৰ দুর্বল প্রশাসনিক দিশটো স্পষ্ট কৰি তুলিছে৷ ৰূপজ্যোতি কুর্মীয়ে ৰিপুণ বৰাক সমালোচনা কৰি কয়– এটা সময়ত ৰিপুণ বৰাই তেওঁৰ সমষ্টিত এশ শতাংশ পঞ্চায়ত জিকাই আনিবলৈ সক্ষম হৈছিল৷ কিন্তু সেই সমষ্টিতেই তেওঁৰ পত্নীয়ে পৰাজয়বৰণ কৰিবলগীয়া হ’ল৷ এই বিষয়বোৰ ৰিপুণ বৰাই ভাবি চোৱা দৰকাৰ৷ ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁ ৰাষ্ট্রীয় ৰাজনীতিৰ প্রতিহে গুৰুত্ব দিয়া উচিত৷ এজন যোগ্য ব্যক্তিক এতিয়া সভাপতি পদ তেওঁ অর্পণ কৰিব লাগে৷ যদিও সভাপতিয়ে কিছু কাম কৰিছে, তেওঁৰ প্রশাসন দুর্বল৷ গাতো দাগ লৈ ফুৰিছে তেওঁ৷ বিধায়কগৰাকীয়ে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈও  সৰৱ হৈ কয়– মিত্রতা মই কেতিয়াও বিচৰা নাই৷ ভৱিষ্যতেও নিবিচাৰোঁ৷ কংগ্রেছ হ’ল ১৩৪ বছৰ পুৰণি দল৷ কিন্তু এ আই ইউ ডি এফৰ সৌ সিদিনা জন্ম হৈছে৷ গতিকে পুৰণি দল হিচাপে কংগ্রেছে আত্মবিশ্বাস ৰখাটো দৰকাৰ৷ ২০২১ত চৰকাৰ গঠন কৰিবলৈ কংগ্রেছ সক্ষম৷

ইফালে মিঞা মিউজিয়াম সন্দর্ভত বিধায়কগৰাকীৰ মন্তব্য– শ্বেৰমান আলীক শীঘ্রে বহিষ্কাৰ কৰিবলৈ সভাপতিক মই দাবী জনাই আহিছোঁ৷ ইয়াৰ পাছতো ৰিপুণ বৰাই আবোল–তাবোল বকি থকা শ্বেৰমান আলীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্রহণ কৰা নাই, সেয়াহে ডাঙৰ কথা৷ মিঞা মিউজিয়ামৰ প্রসংগই নির্বাচনত কংগ্রেছক যথেষ্ট ক্ষতি কৰিব৷ চাহ জনগোষ্ঠী আৰু আহোম সম্প্রদায়ৰ লগত মিঞাক তুলনা কৰা শ্বেৰমান আলীক বুৰঞ্জী পঢ়িবলৈ আজি আহ্বান জনায় ৰূপজ্যোতি কুর্মীয়ে৷ আগন্তুক ২০২১ চনত অসমৰ মুখ্যমন্ত্রী হোৱাৰ আশা প্রকাশ কৰিলে মৰিয়নিৰ বিধায়কজনে৷ এই সন্দর্ভত তেওঁ কয়– ৰাজ্যত প্রায় এক কোটি চাহ জনগোষ্ঠীৰ লোক আছে৷ অসমৰ ভাষা, সংস্কৃতি, সাহিত্য, ক্রীড়া সকলো ক্ষেত্রলৈ জনগোষ্ঠীটোৰ ব্যাপক অৱদান আছে৷ গতিকে এই জনগোষ্ঠীৰ পৰা মুখ্যমন্ত্রী হ’ব লাগে৷ মই ১৫ বছৰ বিধায়ক হৈ এইক্ষেত্রত বহু অভিজ্ঞতা লৈছোঁ৷ ৰূপজ্যোতি কুর্মীয়ে বিধায়ক হৈ বিদেশী বহিষ্কাৰত সর্বাধিক গুৰুত্ব দিব বুলি উল্লেখ কৰে৷ ইয়াৰ পাছতেই চাহ শ্রমিকৰ মজুৰি বৃদ্ধি আৰু বান–খহনীয়াক ৰাষ্ট্রীয় সমস্যা ৰূপে স্বীকৃতি দিয়াত মুখ্যমন্ত্রী হিচাপে আগভাগ ল’ব বুলিও তেওঁ উল্লেখ কৰে৷ কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কলাক্ষেত্রত বাঙালী মিউজিয়াম স্থাপনৰ বাবে উত্থাপন কৰা দাবী সন্দর্ভতো বিধায়ক কুর্মীয়ে আজি প্রতিক্রিয়া প্রকাশ কৰে আৰু এই দিশৰ পৰা আঁতৰি থাকিবলৈ বিধায়ক পুৰকায়স্থক আহ্বান জনায়৷

You might also like