নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাৰ বিস্ফোৰণঃ নির্বাচনত বিজেপিৰ লগতে মই নিজৰ চকীৰ বাবেও যুঁজিছিলোঁ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ৰাজ্যৰ কংগ্রেছ দলত চলি অহা মতবিৰোধ–মতানৈক্য পুনৰ পৰিস্ফুট হৈ পৰিল প্রদেশ কংগ্রেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ দায়িত্ব গ্রহণ পর্বতো৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ উপস্থিতিত বুধবাৰে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত প্রদেশ কংগ্রেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই বিদায়ী সভাপতি ৰিপুণ বৰাৰ পৰা দায়িত্বভাৰ গ্রহণ কৰে৷ উক্ত অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ভাষণত কয় যে কংগ্রেছ হৈছে ফিনিক্স পক্ষীৰ দৰে৷ ছাইৰ পৰা জী উঠি কংগ্রেছ পুনৰ আকাশত উৰিব৷ তাৰ বাবে সকলোৱে মন ডাঠ কৰি নতুন চিন্তাধাৰাৰে আগবাঢ়িব লাগিব৷

সদ্যসমাপ্ত বিধানসভা নির্বাচনত কংগ্রেছে বিজেপিৰ বিৰুদ্ধে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি কয় যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে মুঠ ৯১ লাখ ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ৮৮.২৯ লাখ ভোট লাভ কৰিছে৷ শতাংশৰ পৰা চাবলৈ গ’লে মিত্রজোঁটে ৪৫.০৪ শতাংশ আৰু মহাজোঁটে ৪৩.৬৭ শতাংশ ভোট লাভ কৰিছে৷ তদুপৰি ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু নির্দলীয়ই লাভ কৰা ভোটো বিজেপিবিৰোধী ভোটহে৷ তথাপি কংগ্রেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে৷ ইয়াৰ বাবে কংগ্রেছ কর্মীসকলক হতাশ নহ’বলৈ আহ্বান জনাই কয় যে প্রয়াত ইন্দিৰা গান্ধী, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ আদর্শৰে কংগ্রেছ কর্মীসকলে মন ডাঠ কৰি ইতিবাচক চিন্তাৰে ঐক্যবদ্ধ হৈ আগবাঢ়িব লাগিব৷ এদিন কংগ্রেছ পুনৰ ক্ষমতালৈ আহিব৷

ভাষণ প্রসংগত বিদায়ী সভাপতি বৰাই তেওঁৰ লগত হোৱা ইতিহাসৰ পুনৰাবৃত্তি নোহোৱাৰ আশা প্রকাশ কৰি কয় যে যোৱা ৫টা বছৰত তেওঁ যুঁজিব লাগিছিল বিজেপিৰ বিৰুদ্ধে৷ কিন্তু বহু সময়ত প্রদেশ কংগ্রেছৰ সভাপতিৰ চকীখন ৰখাৰ বাবে তেওঁ যুঁজিব লগা হৈছে৷ তেনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ তেওঁ কামনা কৰে৷ সেইদৰে বিৰোধী দলপতি দেৱব্রত শইকীয়াই ভাষণত কয় যে বিগত দিনত দলত অনুশাসনহীনতাৰ সৃষ্টি হৈছে৷ সেই অনুশাসনহীনতাই দলৰ অন্যতম বিপর্যয়ৰ কাৰণ৷ হাইকমাণ্ডৰ নির্দেশ অনুসৰি দলত অনুশাসন কঠোৰ কৰাৰ পোষকতা কৰি শইকীয়াই কয় যে মতানৈক্য হ’লে নিশ্চয় ৰূপজ্যোতি কুর্মী, সুশান্ত বৰগোহাঁই আঁতৰি যোৱাৰ দৰে তেৱোঁ আঁতৰি যাব৷ প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱনসিং ঘাটোৱাৰে যুৱপ্রজন্মক দলে উদ্বুদ্ধ কৰিব নোৱাৰাৰ বাবেই যোৱা নির্বাচনত দল বিপর্যয়ৰ সন্মুখীন হ’ল বুলি মন্তব্য কৰে৷ ভোটাৰ ৰাইজক দোষাৰোপ নকৰি নির্বাচনী বিপর্যয়ৰ বাবে দলীয় নেতৃত্বকে তেওঁ জগৰীয়া কৰে৷

আনহাতে সভাপতিৰ দায়িত্বভাৰ গ্রহণ কৰিয়েই ভূপেন বৰাই জ্যেষ্ঠসকলৰ পৰামর্শ আৰু যুৱ সমাজৰ শক্তিৰে দলক আগুৱাই নিব বুলি মন্তব্য কৰে৷ নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে অসমৰ ৰাইজৰ আশা–আকাংক্ষা প্রতিফলিত কৰাৰ স্বার্থত গোপীনাথ বৰদলৈৰ দৰে প্রয়োজনত ভূপেন বৰাকো এ আই চি চিৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে কয় যে যোৱা বিধানসভা নির্বাচনত বিভাজনৰ ৰাজনীতি, মিছা আৰু ভুৱা প্রতিশ্রুতিৰে বিজেপি ক্ষমতালৈ আহিল৷ ইতিমধ্যে চৰকাৰখনে ইউটার্ন লৈছে৷ ইপিনে, বিয়লিৰ ভাগত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হয়৷ ক’ৰ কমিটীৰ বৈঠকত বিভিন্নজন নেতাই এ আই ইউ ডি এফৰ লগত সম্পর্ক ছেদৰ লগতে মহাজোঁট ভংগৰ পৰামর্শ আগবঢ়ায়৷ সেইদৰে পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ–নির্বাচনত কংগ্রেছে নিজাকৈ প্রার্থিত্ব আগবঢ়োৱাৰ পোষকতা কৰে৷

You might also like