বিজেপি দলটো সামঞ্জস্যহীন ৰিপুণ বৰাঃ সংবাদমেল আয়োজন কৰি বিজেপিক তীব্ৰ আক্ৰমণ ৰিপুণ বৰাৰ
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ আজি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই এখন সংবাদ মেলৰ আয়োজন কৰে। সংবাদমেল খনত বৰাই শাসকীয় বিজেপি দলটোত তীব্ৰ আক্ৰমণ কৰে। বৰাই বিজেপি দলটোক আক্ৰমণ কৰি কয় যে আজিৰ পৰা কিছুদিনৰ আগতে কংগ্ৰেছৰ দুগৰাকী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছত দুদিন পূর্বে কংগ্ৰেছ নেত্রী সুস্মিতা দেৱেও কংগ্ৰেছ দল ত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত কিছু মহলে কংগ্ৰেছ দল একেবাৰে নিঃশেষ হৈ যাব ধৰিছে বুলি অপপ্ৰচাৰ চলাই কংগ্ৰেছৰ কৰ্মীসকলৰ মনোবল ভাঙিব বিচাৰিছে। এইকেইজন নেতাৰ পদত্যাগে কংগ্ৰেছ দলত সাময়িকভাৱে এক ঋণাত্মক প্রভাৱ পেলাইছে যদিও ই অতি ক্ষণস্থায়ী। কিয়নো, যিকোনো ৰাজনৈতিক দলত দলৰ পৰা পদত্যাগ কৰা আৰু আন দলৰ পৰা নতুন নেতা কর্মী আহি যোদান কৰা এক নিত্য নৈমিত্তিক ঘটনা।
কংগ্ৰেছৰ এই কেইগৰাকী নেতাৰ পদত্যাগৰ আলমত অসমত বিজেপি অতি উৎফুল্লিত হৈছে। যদিও সর্বভাৰতীয় পর্যায়ত বিজেপিয়ে বর্তমান দুবাৰকৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিছে যদিও সমগ্র ভাৰতবৰ্ষত বিজেপি গা কৰি উঠিব পৰা নাই। উদাহৰণস্বৰূপে, ভাৰতৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্রীয় শাসিত অঞ্চলৰ ভিতৰত মাত্র ১১ খন ৰাজ্যতহে বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছে। সেইকেইখন ৰাজ্য হ’ল ক্রমে অসম, অৰুণাচল প্রদেশ, ত্ৰিপুৰা, মণিপুৰ, মধ্য প্রদেশ, গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, কর্ণাটক, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশ।
ইয়াৰ ভিতৰত মধ্য প্রদেশ আৰু কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ পিচ দুৱাৰেদি ভঙ্গ কৰিহে বিজেপিয়ে চৰকাৰ কৰিছে আৰু মণিপুৰত কংগ্ৰেছ সর্ব বৃহৎ দল হোৱা সত্বেও বিধায়ক কিনা বেচা কৰিহে বিজেপি চৰকাৰ হৈছে।
ইয়াৰ বিপৰীতে যি চাৰিখন ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে সেই কেইখনত বিজেপিৰ স্থিতি এনে ধৰণৰ- মেঘালয় ৬০ ৰ ভিতৰত ২ খন আসন, বিহাৰত ২৪৩ ৰ ভিতৰত ৫৩ খন আসন, জম্মু কাশ্মীৰত ৮৭ ৰ ভিতৰত ২৫ খন আসন আৰু গোৱাত ৪০ ৰ ভিতৰত ১৩ খন আসন
আনহাতেদি নিম্ম উল্লেখিত ৰাজ্য সমূহত বিজেপিৰ স্থিতি এনেধৰণৰ চিকিমত ০, মিজোৰাম ০, অন্ধ্র প্রদেশ ০, কেৰেলা ০, তামিলনাড়ু ৪ খন, পঞ্জাৱত ১১৭ ৰ ভিতৰত ৩ খন, পশ্চিমবঙ্গত ২৯৪ ৰ ভিতৰত ৭৪ খন আসন, তেলেংগানাত ১১৯ ৰ ভিতৰত ৫ খন আসন, দিল্লীত ৭০ ৰ ভিতৰত ৮ খন আসন, উৰিষ্যা ১৪৭ ৰ ভিতৰত ১০ খন আসন আৰু নাগালেণ্ডত ৬০ ৰ ভিতৰত ১২ খন আসন।
ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুঠ বিধানসভা আসনৰ সংখ্যা হৈছে ৪১৩৯ আৰু বিজেপিৰ দখলত আছে ১৫১৬ খন আসন। অর্থাৎ সমগ্র দেশৰ বিধানসভাৰ মুঠ আসনৰ ৬৬ শতাংশ আসনত বিজেপি পৰাজিত হৈছে।
ইয়াৰ পৰা এইটো স্পষ্ট যে ভাৰতবৰ্ষত মাত্ৰ কেইটামান নির্দিষ্ট এলেকাতহে বিজেপি সীমাৱদ্ধ। সমগ্ৰ দেশৰ সকলো জনসাধাৰণৰ মাজত বিজেপিয়ে তেওঁলালোকৰ গ্রহণযোগ্যতা দুবাৰকৈ কেন্দ্রত চৰকাৰ গঠন কৰিও সাব্যস্ত কৰিব পৰা নাই।
সামঞ্জস্যহীন বিজেপি মন্ত্রীসভা কংগ্ৰেছৰ পৰা দুই এজন নেতাই পদত্যাগ কৰি বিজেপি গমন কৰাক লৈ বিজেপি দল যেনে ধৰণে উৎফুল্লিত হৈছে ই অতি ৰহস্যজনক| এখন নদীত দুখন নাও সমান্তৰালভাৱে গৈ আছে, এখন কংগ্রেছৰ নাও, আনখন বিজোপিৰ নাও আৰু দুয়োখনতে যাত্রী ভৰপূৰ মাজ বাটতে কংগ্ৰেছৰ নাও ফুটি পানী সোমোৱাৰ লগে লগে পানীখিনিক সিঁচি নাওঁখন পাৰলৈ নিয়াৰ পৰিৱর্তে কংগ্ৰেছী নাঁৱৰ পৰা মানুহ বিজেপিৰ নাঁৱলৈ জপিয়াইছে। কিন্তু বিজেপিয়ে অনুভৱ কৰিব পৰা নাই যে এনেদৰে ভিৰ থকা নাও এখনত অধিক যাত্রী আহিলে সেই নাও খনে যে কিছু সময়ৰ পিছত অধিক যাত্রীৰ বোজা লব নোৱাৰি ডুব যাব| বিজেপিক এই সত্য উপলব্ধি কৰিবলৈ আমি আহ্বান জনাইছো। মন্ত্রীসভা গঠনৰ পিছতে বিজেপি চৰকাৰৰ নাওঁখন বঁঠা বিহীন হৈ দিক্-বিদিক হেৰুৱাইছে।
উদাহৰণস্বৰূপে স্বাস্থ্যমন্ত্রীয়ে ঘোষণা কৰিছিল সান্ধ্য আইন শিথিল কৰা হব, আন্তঃজিলা যাতায়াত অমুক তাৰিখৰ পৰা শিথিল কৰা হ’ব, কিন্তু সেই নির্দেশৰ ১২ ঘন্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা নস্যাৎ কৰিলে।
> শিক্ষামন্ত্রীয়ে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব, কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো নস্যাৎ কৰি পৰীক্ষা পাতিব পৰা যাব বুলি কলে| শিক্ষামন্ত্রীয়ে ঘোষণা। কৰিলে মূল্যায়ন পদ্ধতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰা সকলৰ চাৰ্টিফিকেট কোনো চাকৰিত প্রযোজ্য নহব, তাৰ পিছ মুহূর্তত মুখ্যমন্ত্ৰীয়ে নস্যাৎ কৰি কলে যে সেই চার্টিফিকেট সকলো চাকৰিত প্রযোজ্য হব।
> পঞ্চায়ত আৰু গ্রামোন্য়নন মন্ত্রী ৰণজিৎ কুমাৰ দাসে কলে গ্রামাঞ্চলত ঘৰ নিৰ্মাণৰ বাবে
পঞ্চায়তৰ যোগে কৰ আদায় দিব লাগিব, তাৰ পাছতে মুখ্যমন্ত্রী কার্যালয়ে বিজ্ঞপ্তিযোগে স্পষ্ট কৰি দিলে যে গ্রামাঞ্চলত ঘৰ নিৰ্মাণৰ বাবে কৰ আদায়ৰ বাবে ৰাজ্য চৰকাৰৰ কোনো সিদ্ধান্ত নাই।
> শক্তিমন্ত্রী বিমল বৰাই কলে বিদ্যুৎ বিল নিদিয়া কৰ্মচাৰীৰ দৰ্মহা বন্ধ কৰা হব, তাৰি পিছতে মুখ্যমন্ত্ৰীয় তাক নস্যাৎ কৰি কলে দৰমহাৰ লগত বিদ্যুৎ বিলৰ কোনো সম্পর্ক নাই।
> পৰিবহণ মন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ সর্বোচ্চ গতিবেগ ভঙ্গ কাৰীক জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে তাৰ নস্যাৎ কৰি উক্ত আদেশ বন্ধ কৰিলে লগতে গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিঃমিঃ পৰিৱর্তে ৬০ কিঃমি বৃদ্ধি কৰিলে|