নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণৰ চাফাই এইবাৰ মোৰ চুপাৰিছত কোনেও টিকট পোৱা নাই

নিয়মীয়া বাৰ্তা ১৭ জুনঃ সদ্যসমাপ্ত বিধানসভা নির্বাচনত ধনৰ বিনিময়ত টিকটকে ধৰি কংগ্রেছৰ প্রার্থী বাছনিক লৈ উত্থাপিত বিভিন্ন অভিযোগ সম্পর্কত তদন্ত কৰিবলৈ বিধায়ক সুশান্ত বৰগোহাঁইৰ নেতৃত্বত দলে ইতিমধ্যে তিনিজনীয়া তদন্ত কমিটী এখন গঠন কৰি দিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি গুৱাহাটীস্থিত বাসভৱনৰ পৰা জুমযোগে এখন সংবাদ মেলত অংশগ্রহণ কৰি সেই বিষয়ে সদৰী কৰে৷ সংবাদ মেলখনত সভাপতি বৰাই কয় যে নির্বাচনৰ প্রার্থী বাছনিক লৈ যাৰ যি অভিযোগ আছে, সকলোৱে উক্ত কমিটীত অভিযোগ দাখিল কৰিব পাৰে৷ সেইদৰে এ আই চি চিয়েও অশোক চৱনৰ নেতৃত্বত নির্বাচনী পর্যালোচনাৰ বাবে আন এখন কমিটী গঠন কৰি দিছে৷ কাৰোবাৰ কিবা অভিযোগ থাকিলে সেই কমিটীকো অভিযোগ দাখিল কৰিব পাৰে৷

আনহাতে, এইবাৰৰ নির্বাচনত তেওঁৰ চুপাৰিছত কোনেও দলীয় টিকট লাভ কৰা নাই বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে দলৰ সামূহিক সিদ্ধান্তমর্মেই প্রত্যেকেই টিকট পাইছে৷ এই প্রসংগতে তেওঁ কয়– ‘মোৰ ৬–৭জন সমর্থকক এইবাৰ টিকট দিব নোৱাৰিলোঁ৷ তেওঁলোকৰ স্থানত দলে যিসকলক টিকট দিলে, তেওঁলোকৰ এজনেও জয়লাভ কৰা নাই৷’ ই

পিনে সদ্যসমাপ্ত বিধানসভা নির্বাচনত কংগ্রেছৰ বিপর্যয় সম্পর্কত একাংশই এ আই ইউ ডি এফৰে কৰা মিত্রতাক জগৰীয়া কৰি আহিছে যদিও সভাপতি বৰাই সেয়া নস্যাৎ কৰে৷ এই সম্পর্কত তেওঁ কয় যে ডাটাভিত্তিত চালে তাৰ কোনো যুক্তিযুক্ততা নাই৷ বঢ়মপুৰত কংগ্রেছ ৬০০ ভোটত হাৰিছে৷ সমষ্টিটোত সকলো হিন্দু ভোটাৰ৷ আমগুৰিত কংগ্রেছ ৭ হাজাৰ ভোটত হাৰিছে৷ যোৰহাটত কংগ্রেছ ৮ হাজাৰ ভোটত হাৰিছে৷ সেই সমষ্টিসমূহত এ আই ইউ ডি এফৰ বাবে কোনো মেৰুকৰণ হোৱা নাই৷ লখিমপুৰতো কংগ্রেছ তিনি হাজাৰ ৫০০ ভোটত হাৰিছে৷ এ আই ইউ ডি এফৰ বাবে ধর্মীয় মেৰুকৰণ হোৱা হ’লে তাত হিন্দু ভোট একচেতিয়া হ’ব লাগিছিল৷ কিন্তু কংগ্রেছে সেই স্থানত তুমুল প্রত্যাহ্বান আগবঢ়াব পাৰিছে৷ সেয়ে তেওঁ এ আই ইউ ডি এফৰ বাবে কংগ্রেছৰ বিপর্যয় হোৱাৰ যুক্তিযুক্ততা বিচাৰি নাপায়৷

এই প্রসংগতে তেওঁ কয় যে এইবাৰৰ নির্বাচনী ফলাফল অনুসৰি বিজেপি মিত্রজোঁট আৰু কংগ্রেছ মহাজোঁটৰ মাজত ভোটৰ ব্যৱধান মাত্র ০.০৮ শতাংশ৷ চৰকাৰ গঠন কৰিব পৰাকৈ মহাজোঁটে ১৪টা সমষ্টিহে কমকৈ পালে৷ নামনি অসমত ৪–৫টা সমষ্টি আশা কৰাতকৈ কমকৈ লাভ কৰিছে৷ বৰাকত আশা কৰাতকৈ দুই–এটা সমষ্টিহে কমিছে৷ কলিয়াবৰৰ পৰা উজনি অসম আৰু উত্তৰ অসমত ভবা ধৰণে ফলাফল নহ’ল৷ ১৫টা সমষ্টিত অজাপ আৰু ৰাইজৰ দলে কৰা ভোট বিভাজনৰ বাবে কংগ্রেছ পৰাজিত হ’বলগীয়া হয়৷

আনহাতে, নির্বাচনী ফলাফল সম্পর্কত এতিয়ালৈকে পর্যালোচনা বৈঠক অনুষ্ঠিত নোহোৱাৰ প্রসংগত সভাপতি বৰাই কয় যে ক’ভিড পৰিস্থিতি, আংশিক লকডাউন আৰু আন্তঃজিলা বন্ধৰ বাবেই বৈঠক অনুষ্ঠিত কৰিব পৰা হোৱা নাই৷ অৱশ্যে জুমযোগে পৰাজিত প্রার্থী, বিজয়ী প্রার্থীসকলৰ সৈতে তত্ত্বাৱধায়ক জিতেন্দ্র সিং, তেওঁ, এ আই চি চিৰ চাৰি সম্পাদক আৰু নির্বাচনৰ সৈতে জড়িত দলীয় বিষয়ববীয়াসকলে পর্যালোচনা বৈঠক কৰিছে৷ অৱশ্যে জিলা আৰু ব্লক কংগ্রেছৰ সভাপতিসকলক লৈ তেনে বৈঠক কৰিব পৰা হোৱা নাই৷ আজি তেওঁ জুমযোগে এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ সৈতে এখন বৈঠকত মিলিত হ’ব বুলি জানিবলৈ দিয়ে৷ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ প্রসংগত তেওঁ কয় যে তেওঁ ইতিমধ্যে পাঁচ বছৰ কার্যকাল সম্পূর্ণ কৰিলে৷ তদুপৰি নির্বাচনী বিপর্যয়ৰ দায়িত্ব মূৰ পাতি লৈ পদত্যাগ–পত্র দাখিল কৰিছে৷ হাইকমাণ্ডে নতুন সিদ্ধান্ত নোলোৱা পর্যন্ত তেওঁক দায়িত্বভাৰ চলাই যাবলৈ নির্দেশ দিয়া বাবেহে সভাপতিৰ দায়িত্বত আছে৷

You might also like