২৪ ঘণ্টাত পাভলুটি মাৰি ‘নিউজ লাইভ’ক গালি ৰিপুণ বৰাৰ
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ নৱবর্ষৰ প্রথম দিনটোতেই ভোটাৰ ৰাইজক আভুৱা ভাঁৰিবলৈ চেষ্টা কৰা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নির্বাচনী প্রতিশ্রুতিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ অলপতে ৰাজীৱ ভৱনত এখন সংবাদ মেলত নির্বাচনক লক্ষ্য কৰি প্রকাশ কৰা বক্তব্যৰ পূর্বেই এই প্রতিশ্রুতিসমূহ যে কেৱল ৰাজনীতি তথা নির্বাচনকেন্দ্রিকহে, সেয়া সাংসদ গৌৰৱ গগৈৰে প্রদেশ কংগ্রেছৰ সভাপতিজনে ফুচফুচাই কথা পতাৰ সময়তে স্পষ্ট হৈছিল৷
সমগ্র ৰাজ্যতে প্রদেশ কংগ্রেছৰ সভাপতিজনৰ এনে ভুৱা আশ্বাসক লৈ চর্চা চলি থকাৰ সময়তে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রতিক্রিয়া– ৰাজনীতিত থিয় হৈ থকাৰ বাবে ৰিপুণ বৰা উপযুক্ত নহয়৷
কালি কোকৰাঝাৰত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত বিত্তমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয়– কংগ্রেছে মাইক্র’ফাইনেন্স, কৃষকসকলৰ ঋণ ৰেহাইৰ নামত যি ঘৃণনীয় কাম কৰিলে, মই ভাবোঁ নতুন বছৰৰ দিনাই ৰাজনীতি কৰা লোকসকলৰ প্রতি শ্রদ্ধা কমাই দিলে এই ঘটনাই৷ ৰিপুণ বৰাই কোৱা কথাই কংগ্রেছ দলৰ প্রতিয়ে যে শ্রদ্ধা কমিব সেয়া নহয়, ৰাজনীতি কৰা সকলো লোকৰ ক্ষেত্রত নতুন বছৰৰ দিনাই প্রশ্ণবোধক চিন লগাই দিলে৷ ৰিপুণ বৰাই অকল ক্ষমা খোজাটো কম হ’ব, ৰাজনীতিত তেওঁ থিয় হৈ থকাৰ বাবে উপযুক্ত হৈ থকা নাই৷
নির্বাচনক লক্ষ্য কৰি কথা কোৱাৰ অধিকাৰ সকলোৰে আছে৷ কিন্তু কংগ্রেছৰ প্রতিশ্রুতি অনুসৰি টকা ক’ৰ পৰা আহিব, সেই বিষয়টো এক ভিজন ডকুমেণ্ট হিচাপত ৰাইজৰ ওচৰত তুলি ধৰিলে সকলোৱে বুজি পায়৷ গতিকে প্রতিশ্রুতিৰ লগত এটা সম্পূর্ণ আঁচনি দাঙি ধৰিব লাগে৷ যাতে ৰাইজে ভাবে যে এয়া ৰাজনীতি নহয়, প্রতিশ্রুতি নহয়, এটা সঁচা আশ্বাস৷ ইফালে সমগ্র বিষয়টোক লৈ প্রায় ২৪ ঘণ্টাৰ ভিতৰতে পাভলুটি মাৰিছে প্রদেশ কংগ্রেছৰ সভাপতিজনে৷
কালি চাবুৱাত সাংবাদিকে এই সন্দর্ভত প্রশ্ণ কৰাত একপ্রকাৰ উচাৎ মাৰি উঠে ৰিপুণ বৰা৷ ‘নিউজ লাইভ’ৰ সাংবাদিকক লক্ষ্য কৰি তেওঁ কয়– মই উত্তৰ নিদিওঁ৷ এইবোৰ চেনেলটোৰ (নিউজ লাইভ) ক্রিয়েচন৷ তেনেকুৱা কোনো কথা নাই, সেইটো আপোনাৰ কথা৷ মই কৈছিলোঁ– মাইক্র’ফাইনেন্সৰ যদি কেছ থাকে, সেইটো পাছত দেখা যাব৷ উল্লেখ্য যে চাবুৱা বিধানসভা সমষ্টিৰ গৰাখহনীয়াক লৈ তিনিচুকীয়াৰ সমীপত অৱস্থান কৰি থকা প্রতিবাদকাৰীসকলক্ সাক্ষাৎ কৰাৰ বাবে যোৱা ৰিপুণ বৰাই কালি এই বিতর্ক সন্দর্ভত সাংবাদিকৰ প্রশ্ণত যথেষ্ট বিব্রত হৈ অস্বাভাৱিক আচৰণ কৰে৷
আনকি ‘নিউজ লাইভ’ৰ মাইকত সভাপতি বৰাই আঙুলিৰে হেঁচি দি প্রতিক্রিয়া দেখুৱায়৷ এই ঘটনাক লৈ ডিব্রুগড় জিলা বার্তাজীৱী সংঘই তীব্র গৰিহণা দিছে৷ ইয়াৰ পূর্বে ৰিপুণ বৰাই বিজেপিয়ে কোনো খিলঞ্জীয়া লোকক ভূমি পট্টা প্রদান নকৰে বুলি আজি প্রতিবাদস্থলীত মন্তব্য কৰে৷