নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে কংগ্রেছ, এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাই মহাজোঁট গঠন কৰিলেও আসন বুজাবুজিৰ ক্ষেত্রত সকলো সিদ্ধান্ত কংগ্রেছেহে ল’ব৷ –আজি এই মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ মৰিগাঁও জিলাৰ লাহৰীঘাটত আজি অনুষ্ঠিত প্রদেশ কংগ্রেছৰ সংখ্যালঘু বিভাগৰ অভিৱর্তনত অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই কয় যে মহাজোঁট কংগ্রেছৰ নেতৃত্বতে গঠন হৈছে৷ সেয়ে অংশীদাৰ দলক কোনকেইটা সমষ্টি এৰি দিব বা নিদিব, সেই সিদ্ধান্ত কংগ্রেছেহে গ্রহণ কৰিব৷ তেওঁ আৰু কয় যে বর্তমান কংগ্রেছৰ দখলত থকা কোনো সমষ্টি এৰি দিয়াৰ প্রশ্ণই নুঠে৷ লাহৰীঘাট সমষ্টিও এ আই ইউ ডি এফক এৰি দিয়া নহয়৷
মন কৰিবলগীয়া এয়ে যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে কংগ্রেছৰ দখলত থকা আন কেইবাটাও সমষ্টিৰ লগতে লাহৰীঘাট সমষ্টিও সবলভাৱে দাবী কৰি আহিছে৷ এই সম্পর্কত সভাপতি বৰাই কয়– তেওঁলোকে বিচাৰিব পাৰে, বিচৰাত বাধা দিব নোৱাৰোঁ৷ বিচৰাৰ অধিকাৰ আছে৷ কিন্তু লাহৰীঘাট এৰি দিয়াৰ প্রশ্ণই নাহে৷ এৰি দিয়া–নিদিয়াৰ সিদ্ধান্ত কংগ্রেছেহে ল’ব৷ কাৰণ কংগ্রেছৰ নেতৃত্বতেই মহাজোঁট গঠন হৈছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মাত্র কেইটামান দিন পূর্বে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সভাপতি বৰাই বিজেপিক উৎখাতৰ স্বার্থত কংগ্রেছে সমষ্টি ত্যাগ কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰি উদাৰতা প্রদর্শন কৰিছিল৷ কিন্তু আজি লাহৰীঘাটত তেওঁ স্ববিৰোধী মন্তব্য কৰি দখলত থকা সমষ্টি এৰি দিয়াৰ প্রশ্ণই নুঠে বুলি কৰা মন্তব্য তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ ইপিনে লাহৰীঘাটতেই এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে অসমত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে ১০+ আসন লাভ কৰিব বুলি মন্তব্য কৰে৷ তেওঁৰ সুৰতে সুৰ মিলাই প্রদেশ কংগ্রেছৰ সভাপতি বৰায়ো কংগ্রেছ মহাজোঁটে ১০+ আসন লাভ কৰিব বুলি উল্লেখ কৰি কয় যে পূর্বতে কংগ্রেছে অকলে ৮০খন আসন লাভ কৰিব বুলি কৈ আহিছিল৷ এতিয়া মহাজোঁট হৈ যোৱাৰ পাছত ১০০+ আসন লাভ কৰিব বুলি ক’ব পৰা হৈছে৷