বিপদত ৰিপুণ বৰা! আজিৰে পৰা আৰম্ভ ডেনিয়েল তপ্নৰ হত্যাৰ শুনানি
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ হ’ব ছাত্ৰ নেতা ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰৰ শুনানি। CBIৰ অভিযোগৰ ভিত্তিত পুনৰ গুৱাহাটী উচ্চন্যায়ালয়ে আজিৰে পৰা আৰম্ভ কৰিব শুনানি।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনীতিক সম্পর্কীয় নির্দেশৰ পিছত পুনৰ চর্চালৈ আহিছিল ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ ৷ ২০০০ চনৰ ২৭ ছেপ্টেম্বৰত নৃশংসভাৱে হত্যা কৰা হৈছিল ৷ ১৯৯৬ চনৰ বিধানসভা নির্বাচনত গহপুৰত তৃতীয় স্থানত আছিল তপ্ন৷ গহপুৰ থানাত তেতিয়াই ৰুজু হৈছিল ১৮৩/২০০০ নম্বৰত এটা গোচৰ৷ পুলিচ, চিআইডি, চিবিআইৰ তদন্তৰ দীঘলীয়া পৰিক্রমাৰ পিছতো আটছাৰ প্রাক্তন নেতাগৰাকীৰ হত্যাকাৰী ৰহস্যজনকভাৱে আজিও ধৰা নপৰিল৷
ডেনিয়েলৰ ভাতৃ সন্তোষ তপ্নই ২০০০ চনৰ ডিচেম্বৰ মাহতে হত্যাকাণ্ডৰ চিবিআই তদন্ত দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰীট আবেদন দাখিল কৰিছিল৷ ডেনিয়েলৰ পৰিয়ালৰ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০০৫ চনত গোচৰটো চিবিআইক অর্পণ কৰিবলৈ নির্দেশ দিছিল অসম চৰকাৰক৷ এই গোচৰ সংক্রান্ততে ২০০৮ চনৰ ৩ জুনত ৰিপুণ বৰা নতুন দিল্লীত গ্রেপ্তাৰ হৈছিল৷
চিবিআইৰ তদন্তকাৰী বিষয়াক ঘোচ দিয়াৰ অভিযোগত তিহাৰ জেলত সোমাইছিল তেতিয়াৰ মন্ত্রী ৰিপুণ বৰা৷ পিছত তেওঁৰ বিৰুদ্ধে কোনো উপযুক্ত তথ্য–প্রমাণ চিবিআয়ে দিব নোৱৰা বাবে ঘোচ দিয়াৰ গোচৰত ক্লীনশ্বীট পাইছিল ৰিপুণ বৰাই৷ পিছলৈ চিবিআইৰ তদন্তকাৰী বিষয়া এ বি গুপ্তাৰো মৃত্যু হৈছিল৷ ডেনিয়েল তপ্নৰ হত্যাৰ প্রধান গোচৰটোত চিবিআই নিম্ন আদালতত হাজিৰ নোহোৱাত খাৰিজ কৰিছিল গোচৰটো৷ কিন্তু চিবিআয়ে ২০১৪ চনত কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পিছত উচ্চ ন্যায়ালয়ত গোচৰটো চলাই যাবলৈ ৰীট আবেদন দাখিল কৰিছিল৷
উচ্চতম ন্যায়ালয়ৰ অপৰাধী ৰাজনীতিক সম্পর্কীয় নির্দেশৰ পিছত পুনৰ চর্চালৈ আহিছে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ গোচৰ৷ তাৰ পূর্বে কামৰূপ সত্র ন্যায়িক আদালতত চিবিআয়ে গোচৰটো পুনৰ চলাবলৈ কৰা আবেদন আদালতে খাৰিজ কৰিছিল৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো চলাই যাবলৈ চিবিআয়ে কৰা আবেদন গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে৷