ৰঙিয়া-লতিবাৰী পথৰ দুৰৱস্থাঃ ৰাজপথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল:- ৰঙিয়া-লতিবাৰী পথৰ মাদৈকাটাত শোচনীয় অৱস্থাৰ বাবে ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভুগি থাকিব লগা হৈছে । অঞ্চলটোৰ অতিষ্ঠ লোক সকলে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পথৰ ওপৰত বৃহৎ বৃহৎ গছ বাগৰাই প্ৰমোদ বড়ো মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰিলে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে পথটোৰ ঠায়ে ঠায়ে দ গাঁতৰ সৃষ্টি হোৱাত মৰণফান্দত পৰিণত হৈছে ।গুৰুত্বপূৰ্ণ পথটোৰ এনে দুৰৱস্থাৰ বাবে প্ৰতিনিয়ত এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈছে । উক্ত পথটোৰে দৈনিক সহস্ৰাধিক যাত্ৰীয়ে যাতায়তৰ নামত যমৰ যাতনা ভূগি আহিছে । স্বাধীনতাৰ ৭৫ বছৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই ক্ষোভ প্ৰকাশ কৰে । বিশেষকৈ ছাত্র-ছাত্ৰী সকলৰ লগতে শিশু, বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা-পানী গছকি অতি কষ্টেৰে অহা-যোৱা কৰি আহিছে । পথটোত থকা গাঁতসমূহ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে । শোচনীয় পথটো মেৰামতিৰ বাবে বিটিআৰ চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো কোনো কানসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ক্ষুব্ধ জনতাই । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনায় ।
প্ৰেৰক ফাৰুক হুছেইন