ৰিতুল শইকীয়াক অতি সোনকালেই মুক্তি দিয়া হ’বঃ পৰেশ বৰুৱা
নিয়মীয়া বাৰ্তা ২০ মেঃ অপহৃত অ’এনজিচি কৰ্মচাৰী ৰিতুল শইকীয়াক মুক্তি দিবলৈ আলফা (স্বা)ৰ ওচৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আহ্বানৰ পিছত, সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কয় যে ৰিতুল শইকীয়াক অহা ১-৪ দিনৰ ভিতৰত মুকলি কৰি দিয়া হ’ব।
নিউজ লাইভৰ সৈতে বাৰ্তালাপ কৰি বৰুৱাই কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আলফাই(স্বা)।
এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিদ্ৰোহী সংগঠনটোক মানৱতাৰ ভিত্তিত অ’এনজিচিৰ কৰ্মচাৰীসকলক মুকলি কৰি দিবলৈ আহ্বান জনায়।
উল্লেখ্য যে উল্লেখ্য যে যোৱা ২১এপ্রিলত বিদ্রোহী সংগঠনটোৱে লাকুৱাৰ পৰা অপহৰণ কৰে অ’ এন জি চিৰ তিনিগৰাকী কর্মচাৰী অলকেশ শইকীয়া, মোহিনী মোহন গগৈ আৰু ৰিতুল শইকীয়াক৷ ইয়াৰ পাছত ২৪ এপ্রিলত আছাম ৰাইফলছ, সেনা আৰু নাগালেণ্ড আৰক্ষীৰ সহযোগত অভিযান চলাই অসম আৰক্ষীয়ে অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।