নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত চাৰিকড়ীয়া নৈৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ নৱ কুমাৰ দলেৰ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ : ঢকুৱাখনা নগৰৰ মাজেৰে প্ৰবাহিত চাৰিকড়ীয়া নদীৰ ভয়াবহ আগ্ৰাসনে ঢকুৱাখনা নগৰবাসীৰ ভৌগলিক অস্তিত্ব সংকুচিত কৰি আহিছে। বিশেষকৈ উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়লৈ চৰম ভাবুকি নমাই আহিছে চাৰিকড়ীয়া নদীৰ ভয়াবহ খহনীয়াই। বিগত এটা দশক ধৰি অব্যাহত থকা এনে চৰম বিপর্যয়ৰ স্থায়ী দূৰীকৰণৰ হেতু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে শেহতীয়াকৈ গ্ৰহণ কৰিছে খহনীয়া প্ৰতিৰোধ আঁচনিৰ। তাৰেই অংশ হিচাপে আজি মহাবিদ্যালয়ৰ পিছফালে চাৰিকড়ীয়াৰ খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ এক ব্যয়বহুল প্ৰতিৰোধ আঁচনিৰ কামৰ শুভ উদ্বোধন কৰা হয়।ৰাজ্যৰ জলসম্পদ বিভাগে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ শিতানত আৱন্টন দিয়া প্ৰায় দুই কোটি টকা ব্যয়ৰে খহনীয়া প্ৰতিৰোধ আঁচনি কামৰ ফিটা কাটি শুভাৰম্ভ কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই।শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কলিতা,ঢকুৱাখনা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকন,ঢকুৱাখনা জলসম্পদ উপ সংমণ্ডলৰ সহকাৰী অভিযন্তা ৰাজীৱ বুঢ়াগোহাঁই,ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূত,ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসৰ লগতে জলসম্পদ বিভাগৰ অন্যান্য বিষয়ববীয়া সকল। শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়ক দলেৱে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে প্ৰদান কৰা টকাৰ যাতে হৰলুকি নহয় তাৰ বাবে বিভাগীয় বিষয়া-অভিযন্তাক নজৰ দিবলৈ আহ্বান জনায়।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like