নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকাৱহ পথ দুর্ঘটনাত পাঁচজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  শুকুৰবাৰে পুৱা কাজিৰঙাৰ হালধিবাৰীত সংঘটিত হয় এক শোকাৱহ পথ দুর্ঘটনা৷ দুর্ঘটনাটোত গোলাঘাট অভিমুখে আহি থকা এ এছ–০১ ই এ–৪৬৭২ নম্বৰৰ মাৰুতি এল্ট’ গাডীখনত থকা তিনিগৰাকী লোকৰ মৃত্যু হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰীৰ পৰা গোলাঘাট অভিমুখে আহি থকা মাৰুতি এল্ট’ গাডীখনে কাজিৰঙাৰ হালধিবাৰীত পুৱা ৫মান বজাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা এটা গছৰ মূডাত তীব্র জোৰেৰে খুন্দা মাৰে৷ ফলত গাড়ীখনত থকা চাৰিজন লোকৰ এজনৰ থিতাতে মৃত্যু হয়৷ ইপিনে, স্থানীয় ৰাইজে লগে লগে তিনিওকে উদ্ধাৰ কৰি ১০৮ এম্বুলেঞ্চযোগে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ তাতে দুগৰাকী লোকৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকসকল হ’ল– নলবাৰীৰ কনকসেন দাস, ফুলেন বর্মন আৰু কার্বি আংলঙৰ বীৰেন চিগনাৰ৷ ইপিনে, এল্ট’ গাড়ীখনৰ চালক লুতফুৰ ৰহমানক সংকটজনক অৱস্থাত কঁহৰা আৰক্ষীৰ সহযোগত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰে৷
শিলচৰত পৃথক দুটা পথ দুর্ঘটনাত দুজনৰ মৃত্যু, আহত ১৩
শিলচৰ চহৰৰ সমীপৱর্তী শালচাপৰাত ৫৩নং ৰাষ্ট্রীয় ঘাইপথত ট্ৰেভেলাৰ–অল্ট’টো দুর্ঘটনাগ্রস্ত হোৱাত থিতাতে দুজন যাত্রীৰ মৃত্যু হয়৷ তদুপৰি ড্রেভেলাৰখনৰ ১০জন যাত্রী আহত হৈছে৷ আহতকেইবাজনক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়৷ দুর্ঘটনাত মৃত্যু হোৱা পুৰুষজনক অসিত দাস বুলি চিনাক্ত কৰা হৈছে৷ অসিত দাসৰ ঘৰ শালচাপৰাত৷ অৱশ্যে মহিলাগৰাকী চিনাক্ত হোৱা নাই৷ পুৱা ১০.৩০ বজাত শালচাপৰাৰ পেট্র’ল পাম্পৰ নিলগত ট্রেভেলাৰ গাড়ী এখন নিয়ন্ত্রণ হেৰুৱাই অ’টোখনত খুন্দা মাৰি ধান খেতিত পৰে৷ ট্রেভেলাৰখনত ৩৫জন যাত্রী আছিল৷ দুর্ঘটনাৰ পিছত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়৷ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ অধীনত শিলচৰ–কৰিমগঞ্জ পথত ট্রেভেলাৰখন যাতায়াত কৰিছিল৷ দুপৰীয়া ১২ মান বজাত শিলচৰ চহৰৰ ৰাংগিৰখাৰীত পৃথক এটা পথ দুর্ঘটনাত ৩জন লোক আহত হয়৷ ৱাগানাৰ আৰু এল্ট’ৰ সংঘর্ষত পথচাৰীকেইজন আহত হয়৷ ৰীণা বালা দাস (৪৫), জবাৰাণী দাস (৩২) আৰু ৰূপেন্দু দাস (১৯) নামৰ যুৱক গুৰুতৰভাৱে আহত হয়৷ তেওঁলোকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়৷

You might also like