নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলা পৰিবহণ বিভাগৰ নগৰবেৰাত পথ সুৰক্ষা অভিযান

নিয়মীয়া বাৰ্তা, ২৯ জুলাই : ৰাজ্যত পথ দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত তৎপৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰি পৰিবহণ বিভাগে আৰম্ভ কৰিছিল এমাহজোৰা পথ সুৰক্ষা অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছিল পথ সুৰক্ষা অভিযান ৷ এমাহজোৰা কাৰ্যসূচীৰ আজি অন্তিম দিনটোত কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত বিভাগীয় বৃহৎ দল এটাই দিনৰ প্ৰায় ১২ বজাত জিলাখনৰ নগৰবেৰাত উপস্থিত হৈ পথ সুৰক্ষা অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা পৰিবহণ বিভাগৰ উদ্যোগত নগৰবেৰাত আৰম্ভ হোৱা পথ সুৰক্ষা অভিযানত কামৰূপ জিলা পৰিবহণ বিভাগৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰীয়ে উপস্থিত থাকি ৰাজ্যৰ গ্ৰামাঞ্চলৰ বাট-পথত সঘনাই বৃদ্ধি পোৱা পথ দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ ৰাইজলৈ আহ্বান জনাই জিলা পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলে ৰাইজক উদ্দেশ্যি কয়- ৰাজ্যত এতিয়া সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনা কমোৱাৰ লগতে দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ সকলোৱে সজাগ আৰু সচেতন হোৱাটো অতিকে জৰুৰী | “হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলাওক, তীব্ৰ গতি পৰিহাৰ কৰক, দুৰ্ঘটনা এৰাই চলক, গাড়ী চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব, সুৰাপান কৰি কেতিয়াও গাড়ী নচলাব, গাড়ী চলাওঁতে চালক আৰু আৰোহীয়ে ছিটবেল্ট ব্যৱহাৰ কৰক“ আদি ধ্বনিৰে মাইক্ৰফোনযোগে সমূহ ৰাইজলৈ পৰিবহণ বিভাগৰ ফালৰ পৰা আহ্বান জনোৱাৰ লগতে পৰিবহণ বিভাগৰ ফালৰ পৰা পথচাৰী ৰাইজৰ হাতে হাতে সজাগ বাৰ্তাও বিলোৱা হয় ৷ পথ সুৰক্ষা অভিযানত জিলা পৰিবহণ বিভাগৰ বিষয়া ক্ৰমে ড° খনিন্দ্ৰ কুমাৰ বৰ্মন, লক্ষ্মী নাৰায়ণ, বসন্ত তালুকদাৰ, দীপক বায়ন, লক্ষ্মী বৰগোহাঞি, ডিম্পল গগৈ, বিক্ৰম পেগু প্ৰমুখ্যে কামৰূপ জিলা পৰিবহণ বিভাগৰ এটা বৃহৎ দল উপস্থিত থাকে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like