নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ

🔹 বিধায়ক অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ গঞাৰ

🔹 নাওজানৰ মূল পথ মেৰামতি নকৰা পৰ্য্যন্ত ভোট বৰ্জন গাঁওবাসীৰ

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : ঐতিহ্যমণ্ডিত শিৱসাগৰ বিধানসভা সমষ্টিৰ সৰ্বাংগীণ বিকাশ- উন্নয়নৰ প্ৰতিশ্ৰুতিৰে জনতাৰ বিপুল ভোটত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অখিল গগৈৰ চূড়ান্ত নিষ্প্ৰভ ভূমিকা, মিথ্যাচাৰৰ বিৰুদ্ধে গৰজি উঠিল এটা অঞ্চলৰ ৰাইজ ৷ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো এটা জনবসতিপূৰ্ণ অঞ্চলৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ পথটো সুদীৰ্ঘ দিনৰ অন্ততো মেৰামতিৰ নামত বিধায়কগৰাকীয়ে বাৰে বাৰে গঞা ৰাইজক প্ৰতাৰণা কৰাৰ প্ৰতিবাদ কল্পেই এনেদৰে গৰজি উঠিল ৰাইজ ৷ দেশ স্বাধীনৰ সাতটা দশক অতিক্ৰম কৰাৰ পিছতো মূল পথ পকীকৰণ হোৱাতো দূৰৈৰে কথা, আজি পৰ্য্যন্ত ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ কোনো এখন অভিলাষী আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা অঞ্চলটো হৈছে নাওজান ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবেচা গাঁও পঞ্চায়তৰ নাওজান গাঁৱৰ মূল পথৰ দুৰৱস্থাই সাধাৰণ ৰাইজক যমৰ যাতনা দি থকাৰ সময়তে আজি ধৈৰ্য্যচ্যুতি ঘটিল গাঁওবাসীৰ ৷ বিধায়ক অখিল গগৈৰ মিথ্যাচাৰ, অখিল গগৈৰ সাক্ষাৎ বিচাৰিও সাক্ষাৎ লাভ নকৰা ক্ষুব্ধ গাঁওবাসীয়ে আজি জৰাজীৰ্ণ পথটো অৱৰোধেৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ বিধায়কবিৰোধী, চৰকাৰবিৰোধী শ্লোগানেৰে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰাজপথলৈ ওলাই অহা শ শ লোকে মূল পথৰ মাজত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধৰে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ অখিল গগৈ মুৰ্দাবাদ, তপন গগৈ মুৰ্দাবাদ, ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ, পথ মেৰামতি নকৰা পৰ্য্যন্ত ভোট বৰ্জন শীৰ্ষক ধ্বনিৰে সহস্ৰাধিক লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ চৰকাৰী প্ৰতাৰণা-বঞ্চনাত ক্ষোভিত নাওজানৰ গাঁওবাসীয়ে অতি দুখেৰে কয় যে আমি ওৰেটো জীৱন কেৱল প্ৰৱঞ্চনা-প্ৰতাৰণাৰ বলি হৈ আহিলোঁ ৷ গাঁওখনৰ বিধ্বস্ত- জৰাজীৰ্ণ মূল পথটো মেৰামতিৰ বাবে কোনো এখন চৰকাৰ অথবা জনপ্ৰতিনিধিয়ে সদিচ্ছা প্ৰকাশ নকৰিলে ৷  আমাৰ নাওজানবাসীৰ  সমস্যা সমাধানৰ বাবে জিলা প্ৰশাসন, বিধায়ক অখিল গগৈ আৰু সাংসদ তপন গগৈয়ে আজি পৰ্য্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সেয়ে আজি আমাৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে আমাৰ এই বৃহত্তৰ নাওজান অঞ্চলত বিধায়ক অখিল গগৈ, সাংসদ তপন গগৈৰ লগতে সকলো ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছোঁ ৷ তদুপৰি পথটো মেৰামতি নকৰা পৰ্য্যন্ত বৃহত্তৰ নাওজানবাসীয়ে আগন্তুক সকলো নিৰ্বাচনতেই ভোট বৰ্জন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like