নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাহক ৰূপী চোৰে লুটিলে কেচ বক্সৰ পৰা প্ৰায় ৩৬,০০০ টকা

নিয়মীয়া বাৰ্তা, ২০ জুন : জোনাইত এতিয়া চোৰৰ উপদ্ৰৱে বাতৰিৰ শিৰোনাম দখল কৰাটো যেন তেনেই সুলভ হৈ পৰিছে এতিয়া। ইটোৰ পিছত সিটো চোৰৰ ঘটনাই জোকাৰি গৈছে জোনাইত।

জোনাই আৰক্ষী থানা অন্তৰ্গত মূৰ্কংচেলেক ৰেলৱে ষ্টেচন সমীপৰ এখন গেলামাল দোকানত গ্ৰাহক ৰূপী চোৰে লুটি নিলে কেচ বক্সৰ পৰা প্ৰায় ৩৬,০০০ টকা৷

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.৪৫ বজাত সন্তোষ  সিং নামৰ এজন লোকৰ গেলামাল দোকানত গ্ৰাসকৰ ৰূপত প্ৰবেশ কৰে এজন চোৰ। গ্ৰাসক ৰূপী চোৰটোৱে প্ৰথমে প্লাষ্টিকৰ কেৰিবেগ লৈ নিজে পিয়াজ বচাত ব্যস্ত হৈ পৰা কেচ বক্সৰ কাষত।

ইয়াৰ পিছত গেলামাল  দোকানীজনক আৰু বিভিন্ন সামগ্ৰী লাগে বুলি বস্তু জোখাত ব্যস্ত ৰাখে।  এই সুযোগতে কেচ বক্সৰ পৰা প্ৰায় ৩৬ হাজাৰ টকা চোলাত ভৰাই বাহিৰলৈ পূৰ্ব পৰিকল্পিত বাবে এখন ই ৰিক্সাত উঠি পলায়ণ কৰে। উল্লেখ্য যে চোৰজনৰ সকলো চুৰিকাণ্ড চিচিটিভি কেমেৰাত  বন্দী হৈ পৰে সকলো দৃশ্য। ইতিমধ্যে উক্ত চুৰিকাণ্ডৰ সন্দৰ্ভত দোকানীজনে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

প্ৰেৰক কৰবী দলে

You might also like