নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ সৰিয়হৰ তলীতে ভূত ওলাল, এইবাৰ দিনদুপৰতে চোৰৰ চাফাই অভিযান চলিল খোদ আৰক্ষী চকী এখনত। অসম আৰক্ষীত সংঘটিত হৈছে এক লজ্জাজনক কাণ্ড। আৰক্ষী চকীত নাই এজনো আৰক্ষী। দুই চেঙেলীয়া চোৰে লণ্ডভণ্ড কৰিলে ভিতৰত। অৱশেষত ৰাইজে দুই চোৰক হাতে-লোটে ধৰি ভৰাই থ’লে ল’কআপত। কামৰূপৰ নগৰবেৰা নদী আৰক্ষী চকীত আজি মঙ্গলবাৰৰ পুৱাৰ ভাগত সংঘটিত হয় এক আজৱ চুৰিকাণ্ড।নগৰবেৰা মেধিপাৰা স্থিত নদী আৰক্ষী চকীত ওপৰৰ ভেণ্টিলেটৰেৰে ভিতৰত সোমায় দুই চেঙেলীয়া চোৰ আৰু হাতত পোৱা লামলাকটু সকলো সামৰি বোজাই দিয়ে এখন বোজাই কঢ়িওৱা তিনিচকীয়া বাহনত। আনকি টিনপাত,আৰক্ষীৰ লোৰ বিচনাৰ ফ্ৰেম আদিও চোৰে ভৰালে বাহনত। এমূৰৰ পৰা নথি-পত্ৰকে আদি কৰি দুই চোৰে সামৰিব লওঁতেই প্ৰত্যক্ষ কৰে বাটৰুৱাই। হুলস্থূল লাগে চুৰিকাণ্ডক লৈ। আশ্চৰ্যকৰভাবে নদী আৰক্ষী চকীত নাথাকে এজনো আৰক্ষী। সকলো ঘৰত শুই-বহি উদঙাইছে ৰাজকোষ। জানিব পৰা মতে আৰক্ষী চকীৰ তলাৰ চাবি, লকআপ’ৰ ছাবি দি থৈ যায় গাঁৱৰে এজনক। অৱশেষত ৰাইজে হাতে-লোটে ধৰা দুই চোৰক তলা খুলি ভৰাই থোৱা হয় ল’কআপৰ ভিতৰত। পাছলৈ খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় নগৰবেৰা আৰক্ষী থানাৰ এদল আৰক্ষী। পাছলৈ নগৰবেৰা থানাৰ আৰক্ষীৰ দলটিয়ে জিম্মালৈ লয় ৰাইজে ধৰা চোৰ দুজনক আৰু থানালৈ নিয়ে। আৰক্ষী চকীতে চোৰৰ দিনদুপৰতে চলোৱা এনে তাণ্ডব দেখি আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে আৰু ধৃত চোৰদ্বয়ক নজিৰবিহীন শাস্তিৰ দাবী জনাইছে ৰাইজে। ধৃত চোৰদ্বয় প্ৰতিবেশী নৱাগত শিমলীতোলা অঞ্চলৰ চাদ্দাম হুছেইন আৰু চহিদুল শ্বেখ৷ ইফালে চোৰৰ হাতত গাঞ্জাৰ টোপোলাও পোৱা গৈছে। প্ৰশ্ন হয় আৰক্ষী চকীতে যদি চোৰৰ এনে তাণ্ডব ,ৰাইজে নিৰাপত্তা পাব কেনেকৈ ?ৰাইজৰ যুক্তিত ধিক্ আৰক্ষীৰ আধুনিকীকৰণ।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস