নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত যোৱানিশা সংঘটিত এক লোমহৰ্ষক ডকাইতিৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তিনিখন বাইকত উঠি অহা ৯জনীয়া মুখত কলা কাপোৰ বন্ধা ডকাইতৰ দলৰ আক্ৰমণত এখন বিলাতী সুৰাৰ বিপনীৰ মেনেজাৰ গুৰুত্বৰ ভাৱে আহত হোৱাৰ লগতে নগদ ৯০ হাজাৰ টকা লুটি নিয়াৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷ঘটনাৰ পিছতেই শিৱসাগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে যদিও ৯ জনীয়া ডকাইতৰ দলটোৰ কোনো সন্ধান লাভ কৰা নাই ৷ ইফালে ডকাইতৰ দলৰ চোকা অস্ত্ৰৰ আক্ৰমণত তেজেৰে তুমুৰলী হৈ পৰা জীৱদৌল পাংগিং নামৰ যুৱক জনক সংকটজনক অৱস্থাত লগে লগেই স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ প্ৰাপ্ত বাতৰি মতে দৰিকাপাৰ এ টি ৰোডত অৱস্থিত এখন বিলাতী সুৰাৰ বিপনীৰ মেনেজাৰ জীৱদৌল পাংগিঙে কালি নিশা ১০ বজাত বিপনী বন্ধ কৰি আন তিনিজন কৰ্মচাৰীৰ সৈতে পৃথকে পৃথকে দুচকীয়া বাহনেৰে নগৰৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা বিপনী খনৰ গৰাকীৰ গৃহলৈ আহি আছিল ৷এখন ভিক্টৰ বাইকেৰে নিশা প্ৰায় চাৰে দহ মান বজাত আহি থকাৰ সময়তেই ৰাষ্ট্ৰীয় ঘাই পথৰ পোনজান পথৰ সমীপতেই পিছে পিছে আহি থকা এখন বাইকত তিনিজনকৈ যুৱক উঠি অহা৯ জনীয়া ডকাইতৰ দলটোৱে জীৱদৌল পাংগিঙক আগুৰি ধৰি ধনৰ টুপোলাতো কাঢ়িবলৈ বিছাৰে ৷কিন্তু সাহসী যুৱকজনে পাৰ্য্যমানে ডকাইতৰ দলটোৰ পৰা নিজক বছাবলৈ চেষ্টা কৰাৰ সময়তেই চোকা অস্ত্ৰ আৰু ৰড জাতীয় সামগ্ৰীৰে মুৰ আৰু ডিঙিত আক্ৰমণ কৰি বগৰাই পেলাই ৷ লগে লগেই যুৱক জনে মৰণ পণ চিঞৰ মাৰি স্থানীয় ৰাইজৰ সহায় বিছাৰে যদিও ডকাইতৰ দলটোৱে যুৱকজনৰ লগত থকা দিনটোৰ বিক্ৰি ৯০ হাজাৰ টকা আৰু মণিবেগ লৈ উধাও হয় ৷দুখন পালচাৰ বাইক আৰু স্কুৰ্টীৰে অহা ডকাইতৰ দলটোৰ দুখন বাইক যোৰহাট দিশে পলায়ন কৰাৰ লগতে এখন বাইক পশ্ছিম যমুনাৰোড হৈ নগৰৰ বাবুপট্টীৰ দিশে পলায়ন কৰে৷ ইফালে যুৱকজনৰ চিঞৰ শুনি ওলাই অহা স্থানীয় ৰাইজে আহত জীৱদৌল পাংগিঙক উদ্ধাৰ কৰি নিকটৱৰ্তী এখন চিকিৎসালয়ত ভৰ্তি কৰাই ৷উল্লেখ্য যে, শেহতীয়াকৈ বিগত কিছুদিন ধৰি শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ভটীয়াপাৰৰ পৰা দিচাং পৰ্য্যন্ত প্ৰায় ১৫ কিলোমিটাৰ দৈঘ্য অতি বিপদজনক হৈ পৰিছে৷ শিৱসাগৰ আৰক্ষীৰ দুৰ্বল স্থিতিৰ সুযোগ লৈ সক্ৰিয় হৈ উঠা এই ৯ জনীয়া ডকাইতৰ দলটোৱে সঘনাই এই অঞ্চলটোত ডকাইতি, লুটপাতেৰে সন্ত্ৰাস চলাই আহিছে ৷ আমাৰ হাতত পৰা তথ্য অনুসৰি এই ডকাইতৰ দলটোৱে ডকাইতি কাৰ্য্যত এখন কলা ৰঙৰ বলেৰ গাড়ীও ব্যৱহাৰ কৰি আহিছে ৷দুৰণীবটীয়া লাইন ট্ৰাক, গৰু পৰিবাহী ট্ৰাক সমুহ অস্ত্ৰ টোঁৱাই আগুচি ধৰি ধন লুট পাত কৰি অহা এই ডকাইতৰ দলটোৱে এটা সপ্তাহৰ পুৰ্বে প্ৰগতি চাৰিআলিৰ সমীপৰ এটা তেল ডিপুৰ সন্মুখতো অনুৰূপ ধৰণে আন এক ডকাইতি কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছিল যদিও বহু লোকে সেই সময়তেই দলটোক খেদি অহাত পলায়ন কৰে ৷ কিছুদিনৰ পুৰ্বে ৰাষ্ট্ৰীয় ঘাই পথত ডকাইতিৰ অপচেষ্টা চলোৱাৰ সন্দৰ্ভদ এগৰাকী ব্যৱসায়ীয়ে আৰক্ষীক লিখিত অভিযোগ দিয়াৰো তথ্য পোহৰলৈ আহিছে ৷আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভদ আজি পুঁৱা শিৱসাগৰ সদৰ আৰক্ষী থানাত ভূক্তভোগী আহত যুৱকজনৰ পৰিয়ালবৰ্গই এখন এজাহাৰ দাখিল কৰিছে ৷স্মৰ্তব্য যে, শিৱসাগৰ সদৰ আৰক্ষী থানাত বিগত জানুৱাৰী মাহৰ পৰা আজি পৰ্য্যন্ত গৃহ বিভাগে এগৰাকী পুৰ্ণ পৰ্য্যায়ত দক্ষ তথা কঠোৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিযুক্ত কৰিব নোৱাৰাটোও এই মুহূত্বত অন্য এক চৰ্চিত বিষয় হৈ পৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান