নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ আয়ৰ সামঞ্জস্যহীন সম্পত্তি আহৰণ কৰি কাৰাগাৰৰ আলহী হোৱা নিলম্বিত আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে আজি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই দাখিল কৰিলে ১৫৬ পৃষ্ঠাৰ অভিযোগনামা৷ বিশেষ আদালতত দাখিল কৰা এই অভিযোগনামাত মূল অভিযুক্ত ৰৌণক আলী হাজৰিকাৰ লগতে তেওঁৰ পত্নী নুছৰত ৰৌণক আলী হাজৰিকা আৰু আৰক্ষী বিষয়াজনৰ সহযোগী তথা সহায়কাৰী ফৰিদ আলীৰ নামো অন্তর্ভুক্ত কৰা হৈছে৷
উল্লেখ্য যে চাকৰিৰ কার্যকালত দুই হাতেৰে লুণ্ঠন চলোৱা ৰৌণক আলী হাজৰিকাক যোৱা ৫ অক্টোবৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই গ্রেপ্তাৰ কৰিছিল৷ আয়তৈক কেইবাগুণ বেছি সম্পত্তি ক্রয় কৰা ৰৌণক আলী হাজৰিকাই বিগত ২০১১ চনৰ পৰা ২০১৯ চনলৈ গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ ৯বাৰ বিদেশ ভ্রমণ কৰিছিল৷ এই বিদেশ ভ্রমণকালত আৰক্ষী বিষয়াজনে কেইবাখনো ইছলামিক ৰাষ্ট্র ভ্রমণ কৰিছিল৷ আজি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই দাখিল কৰা অভিযোগনামাত মুখ্যতঃ কিদৰে ৰৌণক আলী হাজৰিকাই অবৈধভাৱে সম্পত্তি আহৰণ কৰিছিল, তাৰ তথ্য দাঙি ধৰাৰ লগতে অস্তিত্বহীন বহু উৎসৰ পৰা আৰক্ষী বিষয়াজনে কিদৰে ধন সংগ্রহ কৰিছিল, তাৰো বিস্তৃত তথ্য সন্নিৱিষ্ট কৰা হৈছে৷
ইফালে গুৱাহাটীৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰি তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ ২১০ শতাংশই হৈছে আয় বহির্ভূত৷ অর্থাৎ নিলম্বিত আৰক্ষী বিষয়াজনে উপার্জন কৰা ধনৰ বিপৰীতে সংগ্রহ কৰিছিল অধিক সম্পত্তি৷ অভিযুক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে তদাৰকী শাখাই প্রয়োজনীয় নথি আৰু প্রমাণ লাভ কৰা বুলিও আজি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷ অভিযোগনামাত তদাৰকী শাখাই দাখিল কৰা মতে ৰৌণক আলী হাজৰিকাৰ মুঠ সম্পত্তিৰ মূল্য ৪ কোটি ৯৯ হাজাৰ ৫৯৭ টকা৷
লক্ষণীয়ভাৱে বুধবাৰে দাখিল কৰা অভিযোগনামাত ৰৌণক আলী হাজৰিকাৰ পত্নী নুছৰত ৰৌণক আলী হাজৰিকাৰ নামো অন্তর্ভুক্ত কৰা হৈছে৷ ইতিমধ্যে কেইবাবাৰো আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱা নুছৰত ৰৌণক আলী হাজৰিকাক তেওঁ কি উৎসৰ পৰা কোটি কোটি টকা আহৰণ কৰিছে, তাৰ তথ্য দাখিল কৰিবলৈ নির্দেশ দিছিল যদিও নুছৰত ৰৌণক আলী হাজৰিকাই সেয়া দাখিল কৰিবলৈ সক্ষম হোৱা নাই৷ তদাৰকী শাখাৰ তথ্য অনুসৰি ৰৌণক আলী হাজৰিকাৰ অধিকাংশ সম্পত্তি আছে পত্নী নুছৰতৰ নামত৷ প্রায় ৫০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী নুছৰত ৰৌণক আলী হাজৰিকাৰ নাই কোনো চাকৰি অথবা ব্যৱসায়৷ কোনো উৎস নথকাকৈ কিদৰে কোটি কোটি টকাৰ গৰাকী হ’ল নুছৰত ৰৌণক আলী হাজৰিকা, সেই সন্দর্ভতো আৰক্ষীয়ে সংগ্রহ কৰিছে বিস্তৃত তথ্য৷ ৰৌণক আলী হাজৰিকাক গ্রেপ্তাৰ কৰাৰ ৫৭টা দিনৰ পাছত দাখিল কৰা এই অভিযোগনামাত ৰৌণক আলী হাজৰিকাৰ ঘনিষ্ঠ ফৰিদ আলীৰ নামো সন্নিৱিষ্ট কৰা হৈছে৷ এইজন ফৰিদ আলী যিজন ব্যক্তিৰ একাউণ্টৰ পৰা ৰৌণক আলী হাজৰিকাৰ বিদেশত থকা সন্তানলৈ ১.৭৪ কোটি টকা প্রেৰণ কৰা হৈছিল৷ দৰাচলতে নিলম্বিত আৰক্ষী বিষয়া হাজৰিকাৰ লাখ লাখ ক’লা টকা নিজৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টত জমা ৰাখি বগা কৰিছিল৷ সেয়াই নহয়, ফৰিদ আলীয়ে ৰৌণক আলী হাজৰিকাৰ লাখ লাখ টকা আন বহু লোকৰ একাউণ্টত জমা কৰিছিল৷ তদাৰকী শাখাই আজি দাখিল কৰা অভিযোগনামাত ৰৌণক আলী হাজৰিকাৰ হিমাচল প্রদেশত থকা ৰিজ’ট, গুৱাহাটীত থকা প্রাসাদোপম অট্টালিকা আৰু মহানগৰীৰ কেইবাঠাইতো থকা কোটিটকীয়া ভূমিৰ কথাও উল্লেখ কৰা হৈছে৷