নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ প্রত্যুত্তৰ কংগ্রেছে বিচাৰকঃ অথবা নিবিচাৰক অসমত অপৰাধ আৰু অপৰাধী নাথাকিব

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ক’লা ল’ৰাৰ মৃত্যুক লৈ সন্দেহ প্রকাশ কৰিছে কংগ্রেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে৷ বিধায়ক চৌধুৰীয়ে ক’লা ল’ৰাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰি কয় যে ঘটনাৰ আঁৰত কিছু ৰহস্য থকা যেন লাগিছে৷ বিভিন্ন সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলোৱাৰ চেষ্টা কৰা কাহিনীৰ লগত এইটোও মিল থকা যেন লাগিছে৷ সেয়ে এই ঘটনাৰ তদন্ত হোৱা উচিত৷ ইপিনে কংগ্রেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ এই মন্তব্যক তীব্র কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে তদন্ত কমিটীও কংগ্রেছকে লৈ কৰিব লাগিব৷ অপৰাধ আৰু অপৰাধী অসমত নাথাকিব৷

অসম পুলিচ অত্যন্ত কঠোৰ হৈ থাকিব৷ কংগ্রেছে বিচাৰিলেও অসমত কিছু কাম হ’ব, কংগ্রেছে নিবিচাৰিলেও অসমত কিছু কাম হ’ব৷ কংগ্রেছৰ জাতিবিৰোধী চৰিত্রৰ বাবেই অসমত কংগ্রেছ নোহোৱা হৈ আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এজনো অসমীয়াই কংগ্রেছক ভোট নিদিয়ে৷ অসমীয়া ভোটাৰ থকা বুথসমূহত কংগ্রেছে এটাও ভোট নাপায়৷ তেনেকুৱা ৰাজনৈতিক দল এটা চলি থাকিব লাগে নে নাই নিজেই চিন্তা কৰক৷ অসমীয়াবিদ্বেষী উগ্র বাঙালী সাম্প্রদায়িক প্রদীপ দত্ত ৰয়ৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যি সময়ত প্রদীপ দত্ত ৰয়ে বেয়া কাম কৰিছে বুলি বিজেপিয়ে কৈছে, বৰাক–ব্রহ্মপুত্র উপত্যকাৰ ৰাইজেও কৈছে, সেই সময়তে কংগ্রেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই প্রদীপ দত্ত ৰয়ৰ পক্ষত অৱস্থান লৈছে৷

You might also like