নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ কাৰ্যক্ষম হৈ উঠিল গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ সেৱা

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ পুনৰ কাৰ্যক্ষম হৈ উঠিল বহুচৰ্চিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ সেৱা।

উল্লেখ্য যে মুকলিৰ দুদিন পিছতে বিকল হৈছিল বহুচর্চিত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ সেৱা৷

২০০৯ চনতে আৰম্ভ হোৱা গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী ৰোপ–ৱে’ সুদীর্ঘ ১১ বছৰ পিছত সোমবাৰে মুকলি কৰিছিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ এই সেৱা মুকলিৰ দুদিন পিছতে সমীৰ দামোদৰ ৰোপ–ৱে’ প্রাইভেট লিমিটেড আৰু গৌৰবণ্টAG ছুইজাৰলেণ্ডৰ কামৰ নমুনা উদঙাই বন্ধ হৈ পৰিছিল ৰোপ–ৱে’ৰ চলাচল ৷

নদীৰ ওপৰেৰে নির্মাণ কৰা এইটোৱে হ’ল দেশৰ ভিতৰত আটাইতকৈ বেছি দৈর্ঘ্যৰ ৰোপ ৱে’৷ যাৰ দৈর্ঘ্য ২ কিলোমিটাৰ৷

You might also like