আহি আছে এক মিটাৰ পানীত চলা চাৰিখন অত্যাধুনিক ৰ’ ৰ’ জাহাজ
কঢ়িয়াব পাৰে ২০০ যাত্রী, দুখন ট্রাক, ৪খন লঘু বাহন ৰাজ্যৰ জল পৰিবহণক আধুনিক ৰূপ দিয়াৰ চেষ্টা
নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ অসমৰ জল পৰিবহণৰ ক্ষেত্রত অচিৰেই সংযোজন ঘটিব কম পানীত চলাচল কৰিব পৰা চাৰিখন ৰ’ ৰ’ জাহাজ৷ ইতিমধ্যে পশ্চিমবংগৰ হেমনগৰৰ পৰা হুগলী নদীৰে জাহাজ চাৰিখনে ২৮ জুলাইত অসম অভিমুখে যাত্রা কৰিছে৷ বাংলাদেশৰ মাজেৰে ব্রহ্মপুত্রৰে অহা জাহাজকেইখন এই মাহৰ শেষৰ সপ্তাহত গুৱাহাটীত উপস্থিত হ’ব৷ উল্লেখ্য যে অসম চৰকাৰে ব্রহ্মপুত্রকে ধৰি ৰাজ্যৰ প্রধান নৈ–উপনৈসমূহৰ জৰিয়তে জল পৰিবহণৰ ক্ষেত্রত নতুনত্ব অনাৰ বাবে কেতবোৰ অভিলাষী আঁচনি গ্রহণ কৰিছে৷ জল পৰিবহণ খণ্ডক অধিক গতিশীল কৰাৰ বাবে অসম সন্তান তথা ভাৰতীয় নৌসেনাৰ চতুর্থ শীর্ষ পদবীৰ পৰা সুখ্যাতিৰে অৱসৰ গ্রহণ কৰা আৰু দেশ–বিদেশৰ জল পৰিবহণ খণ্ডত প্রায় ৩৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ক’মদৰ কমলেশ চন্দ্র চৌধুৰীক নতুনকৈ গঠন কৰা অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি (এআইডব্লিউটিডিএছ)ৰ অবৈতনিক উপদেষ্টা হিচাপে চৰকাৰে নিযুক্তি দিছে৷ জানিব পৰা মতে, ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ কর্তৃপক্ষৰ জৰিয়তে অসম চৰকাৰে কম পানীত চলাচল কৰা জাহাজকেইখন অনাৰ ব্যৱস্থা কৰিছে৷ ৰাজহুৱা খণ্ডৰ জাহাজ নির্মাণকাৰী প্রতিষ্ঠান ‘কচিন শ্বিপ ইয়ার্ড’ত নির্মাণ কৰা এই ৰ’ ৰ’ জাহাজকেইখন এক মিটাৰ গভীৰতাত থকা পানীতো চলাচল কৰিব পাৰিব৷ মন কৰিবলগীয়া যে ইয়াৰ পূর্বে অনা তিনিখন ৰ’ ৰ’ জাহাজ দুই মিটাৰৰ অধিক গভীৰতাত পানী থাকিলেহে চলাচল কৰিব পাৰে৷ পূর্বৰ জাহাজকেইখন আই ডব্লিউ এ আয়ে ওভতাই নিব বুলি জানিব পৰা গৈছে৷ আভ্যন্তৰীণ জল পৰিবহণ কর্তৃপক্ষৰ সূত্রই জানিবলৈ দিয়া মতে, এই জাহাজকেইখনৰ এখনত একেলগে দুশ যাত্রীৰ উপৰি দুখন ডাঙৰ ট্রাক আৰু চাৰিখন লঘু বাহন কঢ়িয়াই নিব পাৰিব৷ তদুপৰি অহা বছৰৰ প্রথম ভাগতে বিশখন বিভিন্ন মডেলৰ যাত্রীবাহী ফেৰী আৰু নখন উদ্ধাৰকাৰী জাহাজ অসমলৈ অনা হ’ব৷ বিশখন ফেৰীৰ ভিতৰত ১০খনত এবাৰত ১০০জন যাত্রীৰ সৈতে ৫০খন দুচকীয়া বাহন আৰু অন্য ১০খনত এবাৰত ৫০জন যাত্রীৰ সৈতে ২৫খন দুচকীয়া বাহন কঢ়িয়াব পৰা যাব৷ আনহাতে, জাহাজসমূহ নিয়মীয়াকৈ মেৰামতি বা চোৱাচিতা কৰি থকাৰ বাবে এটি কাৰখানা স্থাপন কৰাৰ বাবে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক আহ্বান জনাইছে আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিয়ে৷ কিয়নো মেৰামতিৰ কাৰখানা নথকাৰ বাবেই সাধাৰণ বিজুতিৰ বাবে একোখন জাহাজ বহুদিনলৈ পেলাই বা চলাচল বন্ধ কৰি ৰাখিব লগা হয়৷