নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা মাৰ্ছেল লগাই বাহিৰ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ  ক’ভিডজনিত পৰিস্থিতিৰ মাজতে আজিৰে পৰা চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশন৷

সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি সম্পূর্ণ ব্যতিক্রমী ৰূপত আয়োজন কৰা হৈছে বিধানসভাৰ এই অধিৱেশনখন৷ এইবাৰৰ অধিৱেশনত সদনত ৫০ শতাংশ জনপ্রতিনিধিহে উপস্থিত থাকিব৷

ইপিনে  বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই সদনত লাগিল হুলস্থুল। বিধানসভাৰ অধ্যক্ষই মাৰ্ছেল লগাই সদনৰ পৰা বাহিৰ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক ।

You might also like