নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ক নাটক আখ্যা দিয়া ৰূপজ্যোতি কুৰ্মীৰ প্ৰণৱ মুখাৰ্জীৰ মৃত্যুক লৈও বিভ্ৰান্তিকৰ মন্তব্য

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ তৰুণ গগৈ পেজমেকাৰ লগোৱা মানুহ। বয়সো হৈছে, গতিকে তেওঁ অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। এনে বিতৰ্কিত মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। কুৰ্মীয়ে তৰুণ গগৈ ক’ভিড-১৯ নহয়, হৃদযন্ত্ৰৰ অসুখৰ বাবেহে চিকিৎসাধীন বুলি মন্তব্য কৰিয়েই ক্ষান্ত নাথাকি প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ প্ৰসংগতো কয় যে মুখাৰ্জী হৃদযন্ত্ৰৰ অসুখৰ বাবে চিকিৎসাধীন হৈ আছিল।  কিন্তু এতিয়া মৃত্যুৰ সময়ত ক’ভিড-১৯ বুলি কোৱা হৈছে।

ক’ভিডক নাটক আখ্যা দিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ক’ভিডৰ মাজেৰে ৰাজ্য চৰকাৰে ৰাজনীতি কৰি থকা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু তথ্য-প্ৰমাণে কয় যে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ক’ভিড পজিটিভ বুলি ৰাষ্ট্ৰজুৰি প্ৰচাৰ হৈছিল মৃত্যুৰ বহুকেইদিন আগতে। মুখাৰ্জীয়ে নিজে টুইটযোগে এই কথা ঘোষণা কৰিছিল ১০ আগষ্টত।

আনহাতে তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষাত ধৰা পৰিছিল ক’ভিড-১৯ৰ উপস্থিতি। আনকি কালি তেওঁৰ দেহত অক্সিজেনৰ মাত্ৰাও কমি গৈছিল, যিটো ক’ৰোনাক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত সাধাৰণতে হোৱা দেখা যায়। এনে অৱস্থাত এগৰাকী বিধায়ক হিচাপে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যই আশ্চৰ্যান্বিত কৰিছে সচেতন মহলক।

You might also like