নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ হাস্পতাললৈ শচীন টেণ্ডুলকাৰে দান কৰিলে চিকিৎসা সঁজুলি

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে অসমৰ কোকৰাঝাৰ জিলাৰ চেৰিটেবল হাস্পতাল মকুন্দ চিকিৎসালয়লৈ দান কৰিছে চিকিৎসা সঁজুলি। ক্ৰিকেটাৰগৰাকীৰ এই দানৰ দ্বাৰা দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ২০০০ শিশু উপকৃত হ’ব। ‘ইউনিছেফৰ গুডউইল এম্বেছাডৰ’ টেণ্ডুলকাৰে পেডিয়াট্ৰিক ইনটেনচিভ কেয়াৰ ইউনিট (পিআইচিইউ) আৰু নিঅ’নাটল ইণ্টেনচিভ কেয়াৰ ইউনিট (NICU)ত প্ৰয়োজনীয় সঁজুলি দান কৰে।

উল্লেখ্য, ক্ৰিকেটাৰগৰাকীৰ ফাউণ্ডেচনে মধ্য প্ৰদেশৰ জনজাতীয় সম্প্ৰদায়সমূহক পুষ্টি আৰু শিক্ষা প্ৰদান কৰাত সহায় কৰি আহিছে আৰু এই উদ্যোগটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো বঞ্চিত সম্প্ৰদায়ক সহায় কৰিছে।

শচীন টেণ্ডুলকাৰৰ সাহায্য লাভ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে মকুন্দ হাস্পতালৰ পেডিয়াট্ৰিক ছাৰ্জন ড০ বিজয়ান্দ ইছামাইলে। এই সাহায্যৰ বাবে প্ৰবীণ বেটছমেনজনক ধন্যবাদ জনাই তেওঁ কয়- “একাম ফাউণ্ডেচনৰ সমৰ্থনত শচীন তেণ্ডুলকাৰ ফাউণ্ডেচনৰ অনুদানে আমাৰ এই অঞ্চলৰ বৃহৎসংখ্যক দৰিদ্ৰ লোকক কম খৰচত উন্নত সেৱা লাভ কৰাত সহায় কৰিব।’

You might also like