আতচবাজী দান কৰিলে মনোকামনা সিদ্ধি হোৱা সভা মহোৎসৱখন
নিয়মীয়া বাৰ্তা বাঁহজানী, ১৬মাৰ্চঃ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নলবাৰীৰ গোপালথান যজ্ঞভূমিৰ সভা মহোৎসৱ আৰু ৬২ সংখ্যক মহাবিষ্ণু যজ্ঞৰ প্ৰথম দিনা দুপৰীয়া বাৰগোপাল অৰ্চনা আৰু সন্ধিয়া আতচবাজী দানৰ সময়ত মহোৎসৱথলী লোকেলোকাৰণ্য হৈ পৰে। মাথো কৃষ্ণ বন্দনা, আতচবাজীৰ শব্দত মুখৰিত বৃহত্তৰ যজ্ঞভূমি অঞ্চল। উল্লেখ্য যে অহা ১৮ মাৰ্চলৈ এই অনুষ্ঠান চলিব। প্ৰবাদ আছে যে যজ্ঞভূমিৰ গোপালথানৰ সভাত আতচবাজী দান কৰিলে যাৰ যি মনৰ কামনা সকলো সিদ্ধি হয়। তদুপৰি সন্তানবিহীন দম্পতীয়ে পূজা দিলে সফল হয়। অতীতৰ জাহৰ গৰ খ্যাত গোপালথাত প্ৰভাত ফেৰী উদ্বোধন কৰে শিক্ষাহৈতিষী, সাহিত্যসেৱী চক্ৰধৰ কলিতা আৰু ধীৰেন্দ্ৰ নাথ শৰ্মাই। ইয়াৰ পিছতে মূল সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি অশোক কুমাৰ শৰ্মাই। গোপালথানৰ হোম পাঠ, বাৰগোপাল অৰ্চনা, ভাগৱত পাঠ। সন্ধিয়া গোপালথানত বন্তি প্ৰজ্বলন, আতচবাজী প্ৰদৰ্শনত প্ৰজ্বলন কৰে অধিবক্তা জয়ন্ত কলিতা, বিজেপিৰ জিলা কাৰ্যনিৰ্বাহক মিন্টু তামুলী, বিশিষ্ট ব্যৱসায়ী ইন্দ্ৰনীল শৰ্মা,সমাজকৰ্মী জীৱন চন্দ্ৰ ডেকাই। ইয়াৰ পিছতে মহাবিষ্ণু যজ্ঞৰ অধিবাস আৰু ভাৱৰীয়া প্ৰদৰ্শন উদ্বোধন কৰে আঠ নং পঞ্চায়তৰ সভানেত্ৰী আৰত বৈশ্যই। উল্লেখ্য যে আগন্তুক চাৰি দিনৰ সমূহ কাৰ্যসূচীত ধৰ্ম প্ৰাণ ৰাইজৰ উপস্থিতিত গোপালথান যজ্ঞভূমি উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ চৌধুৰী, সভা আৰু যজ্ঞ বিভাগৰ পৰিচালনা সমিতিৰ সভাপতি নৱ শৰ্মা আৰু সম্পাদক কমল কুমাৰ শৰ্মা,অন্যতম সদস্য উৎপল শৰ্মাই শ্ৰদ্ধাৰে কামনা কৰিছে।