২৫ মাহে দৰমহা নাই মৰিগাঁও পৌৰসভাৰ অস্থায়ী কৰ্মীৰ
বার্তা বুৰো, ২৮ মাৰ্চঃ ৰঙালী বিহুৰ প্ৰাক ক্ষণত গভীৰ হতাশাত ভুগিছে মৰিগাঁও পৌৰসভাৰ অস্থায়ী কৰ্মচাৰীসকল। বিগত ২৫ মাহ ধৰি বিনাবেতনে ৰাজ্যৰ বিভিন্ন পৌৰসভাৰ লগতে মৰিগাঁও পৌৰসভাৰ অস্থায়ী কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি বৰ্তমানলৈ সঁহাৰি জনোৱা নাই। যাৰ ফলত মৰিগাঁও পৌৰসভাৰ বাবুল নাথকে ধৰি কেইবাজনো কৰ্মচাৰী জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো উপযুক্ত চিকিৎসা কৰিবলৈ অক্ষম হৈ পৰিছে।এনে এক পৰিস্থিতি আজি মৰিগাঁও পৌৰসভাৰ কৰ্মচাৰী তথা সহায় নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনতোৰ সভাপতি ৰাজু মহন্তৰ নেতৃত্বত পৌৰ কৰ্মচাৰীসকলে এক সংবাদ মেল অনুষ্ঠিত কৰি আবেগিক হৈ পৰে। উচুপি উচুপি কৰ্মচাৰীসকলে কয় যে তেওঁলোকৰ এতিয়া ঘৰত চৰম আৰ্থিক দুৰৱস্থা। এনে অৱস্থাত চৰকাৰে যদিহে সঁহাৰি নজনাই তেনেহলে হাতত অস্ত্ৰ তুলি লবলৈ কুণ্ঠাবোধ নকৰিব বুলি হুংকাৰ দিয়ে ৰাজু মহন্তই।
প্ৰেৰক প্ৰাঞ্জল দাস