চামগুৰিৰ আমবাগানত পথ দুৰ্ঘটনাত এজন থিতাতে নিহত : টায়াৰ জ্বলাই পথ অৱৰোধ
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী :- নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত আমবাগানৰ অমৰ চাৰিআলিৰ ৰাজ্যিক ঘাইপথত আজি পুৱা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে টায়াৰ জ্বলাই পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ উল্লেখ্য যে গুৱাহাটীৰ নাৰেঙ্গী আৰু কলিয়াবৰৰ নলতলি সংযোগী ৰাজ্যিক ঘাইপথটোৰ আমবাগানত ইতিপূৰ্বে কেইবাটাও দুৰ্ঘটনাত বহু কেইজন লোকৰ প্ৰাণ হানি হৈছে। স্থানীয় ৰাইজে তীব্ৰ বেগী গাড়ীৰ গতি বেগ নিয়ন্ত্ৰণৰ বাবে আমবাগানৰ পথটোত ঠায়ে ঠায়ে গতিৰোধক দিবলৈ প্ৰশাসনক দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। কিন্তু নগাঁও জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। যাৰ ফলত তীব্ৰ বেগী বাহনৰ খুন্দাত বহু কেইজন লোকৰ প্ৰাণ হানিৰ লগতে বহু কেইজন লোক ঘূণীয়া হ’বলগীয়া হৈছে। আজি পুৱা পুনৰ আমবাগানৰ অমৰ চাৰিআলিৰ ৰাজ্যিক ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এ এছ ১ ২ বি ৭১৪৪ নম্বৰৰ মাৰুতি গাড়ীখনৰ লগত এ এছ ০২০ ৬৬৮৫ নম্বৰৰ বাইক খনৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত বাইক খনৰ আৰোহী ছৰিফুল ইছলাম (২৫) নামৰ যুৱক জন থিতাতে নিহত হয় ৷ লাইলুৰিৰ নিবাসী আব্দুল আলিৰ পুত্ৰ ছৰিফুল ইছলাম থিতাতে নিহত হোৱাৰ পাছত ঘটনাস্থলীত স্থানীয় পুৰুষ মহিলা পথলৈ ওলাই আহি পথৰ গতি বেগ নিয়ন্ত্ৰণৰ দাবীত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷আনহাতে পথ দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত আমবাগান আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। দীৰ্ঘদিনৰ পৰাই দুৰ্ঘটনা হৈ থকা উক্ত দুৰ্ঘটনা প্ৰৱণ এলেকাটোত গতিৰোধক দিয়াৰ দাবীত স্থানীয় ৰাইজে ৰাজ্যিক ঘাইপথটোত বহুবাৰ পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৷ বিভাগীয় কতৃপক্ষই গাড়ীৰ গতিৰোধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত আজি পুনৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজে ৰাজ্যিক ঘাইপথটোত জিলা প্ৰশাসনৰ বিৰুদ্ধে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পৰৱৰ্তী সময়ত উক্ত স্থানত চামগুৰি ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ দুৰ্ঘটনা প্ৰৱণ এলেকাত গাড়ীৰ গতিৰোধক দিয়াৰ ব্যৱস্থা গ্ৰহন কৰা হব বুলি জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষক চক্ৰ বিষয়া গৰাকীয়ে অৱগত কৰাৰ লগতে অতি শীঘ্ৰে পথৰ গাড়ীৰ গতিৰোধক দিয়াৰ চজমিনৰ কাম আৰম্ভ হব বুলি চক্ৰ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ আনহাতে আমবাগান আৰক্ষী চকীৰ আৰক্ষীয়ে পথ দুৰ্ঘটনাটোত পতিত হোৱা বাইক খনৰ লগতে মাৰুতি গাড়ী খন জব্দ কৰাৰ লগতে থিতাতে নিহত হোৱা যুৱক জনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰমোদ শৰ্মা