ক’ভিড–১৯ৰ বাবে স্তব্ধ হৈ পৰা পর্যটন উদ্যোগক লৈ চিন্তিত চামগুৰি সত্রৰ মুখাশিল্পী
নিয়মীয়া বাৰ্তা ৯ মেঃ সত্রীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী হ’ল অসমৰ পর্যটন উদ্যোগৰ আন এটা গুৰুত্বপূর্ণ অংগ৷ ক’ৰোনা ভাইৰাছে সমগ্র বিশ্ববাসীক আতংকিত কৰাৰ বাবেই এতিয়া স্তব্ধ হৈ পৰিছে মাজুলীৰ পর্যটন উদ্যোগ৷ মাজুলীৰ হোটেল, ৰিজ’ট, ৰেস্তোৰাঁ, পর্যটক গাইডৰ পৰা আৰম্ভ কৰি গাডীৰ মালিক আৰু গাডীচালকলৈকে দুই সহস্রাধিক শিক্ষিত যুৱক–যুৱতী আজি সংস্থাপনহীন হৈ পৰিছে৷ যাক লৈ এতিয়া চিন্তিত এই ক্ষেত্রখনৰ লগত জডিত পৰিয়ালসমূহ৷ উল্লেখ্য যে জিলাখনৰ পর্যটন ক্ষেত্রখনৰ লগত সক্রিয়ভাৱে জডিত হৈ আছে মুখাশিল্প৷ মাজুলীলৈ আগমন ঘটা দেশী–বিদেশী পর্যটকক আকর্ষণ কৰা অন্যতম স্থান হ’ল ঐতিহ্যমণ্ডিত শ্রীশ্রীনতুন চামগুৰি সত্র৷ মাজুলীৰ লগতে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা আহি মুখা নির্মাণৰ শিক্ষা লোৱা চামগুৰি সত্রত এতিয়া নিমাওমাও পৰিৱেশ৷ বিভিন্ন বৰমুখা, মুখমুখা, লুতুকৰি মুখাৰে ভৰপূৰ হৈ থকা সত্রত এতিয়া নাই পর্যটকৰ ভিৰ৷ প্রতিদিনে পুৱাৰ পৰা নিশা পর্যন্ত শতাধিক দেশী–বিদেশী পর্যটকে ভিৰ কৰাৰ উপৰি বিদেশলৈ ৰপ্তানি হোৱা মুখাশিল্পৰ বজাৰখনত এতিয়া ক’ভিড–১৯ৰ বাবে বৰতলা লাগিল৷ গুৰুজনাৰ সৃষ্ট মুখাশিল্পক দেশ–বিদেশত পৰিচয় কৰাই দিয়া সংগীত নাটক একাডেমী বঁটাপ্রাপক অসমৰ বিশিষ্ট মুখাশিল্পী ড০ হেমচন্দ্র গোস্বামীয়ে ক’ভিড–১৯ প্রতিহত কৰাৰ স্বার্থত দেশত চলি থকা লকডাউনৰ ফলত গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পৰ ক্ষেত্রখনত পৰা প্রভাৱ সম্পর্কত আমাক জনায় যে লকডাউন হোৱাৰ পূর্বেই ইটালী, ফ্রান্স, আমেৰিকাৰ লগতে পুনে, দিল্লী, ৰাজস্থান, গুৱাহাটী, ডিব্রুগড আদি দেশ আৰু বিভিন্ন ৰাজ্যলৈ পঠিয়াব লগা আছিল বহুকেইপদ মুখা, কিন্তু এতিয়া আৰু সেয়া সম্ভৱ নহয়৷ আনহাতে, শিল্পীজনে অতি দুখেৰে জনায় যে এই মুখাশিল্পক জীৱিকা হিচাপে লৈ সত্রখনত অর্ধশতাধিক নিবনুৱা যুৱকে মুখা নির্মাণ কৰি পেটৰ ভাত মোকলাই আছিল৷ কিন্তু এতিয়া তেওঁলোকৰ ঘৰসমূহৰ আর্থিক অৱস্থা অতি দুখজনক হৈ পৰিছে৷ গুৰুজনাৰ এই মুখাশিল্পকেই জীৱন–জীৱিকা হিচাপে লৈ দীর্ঘদিনৰ পৰা পৰিয়াল পোহপাল দিয়া এই যুৱকসকলক চৰকাৰখনে কিছু আর্থিক সাহায্য প্রদান কৰিলে পৰিয়ালকেইটা বহু পৰিমাণে উপকৃত হ’ব বুলি তেওঁ আমাক জানিবলৈ দিয়ে৷ বর্তমান লকডাউনৰ সময়ছোৱাত তেওঁ কৰত, হাতুৰী, বটালিৰে কাঠ কাটি ভাস্কর্য নির্মাণত ব্যস্ত হৈ পৰিছে৷ তেওঁৰ হাতৰ পৰশত সৃষ্টি হৈছে নতুন নতুন ভাস্কর্য আৰু বহুতো অর্ধনির্মিত অৱস্থাত আছে৷ শিল্পীজনৰ লগতে পুত্র দিব্যজ্যোতি গোস্বামী, ভতিজাক খগেন গোস্বামী এতিয়া কাঠৰ ভাস্কর্য নির্মাণেৰে চমকপ্রদ শিল্প সৃষ্টি কৰিছে৷ একেদৰে সত্রখনৰ আন এটা শিল্পী পৰিয়ালৰ প্রদীপ গোস্বামী, প্রসন্ন গোস্বামী আৰু ধীৰেন গোস্বামীও লকডাউনৰ সময়ছোৱাত নৱতম সৃষ্টিৰ সন্ধানতব্যস্ত হৈ পৰিছে৷ কিন্তু প্রায় দুই–তিনি বছৰৰ বাবে স্তব্ধ হৈ পৰাৰ সম্ভাৱনা থকা পর্যটন ক্ষেত্রখনক লৈ চিন্তিত মাজুলীৰ এই মুখাশিল্পীসকল৷