নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বিধ্বস্ত পথ মেৰামতি আৰু ডাম্পাৰ চলাচল বন্ধ কৰাৰ দাবীত বহুকেইটা সংগঠনৰ

 স্মাৰকপত্ৰ প্ৰদান চামগুৰি চক্ৰ বিষয়াক

নিয়মীয়া বাৰ্তা ২৯ মেঃ দেশজুৰি অব্যাহত থকা লক্ ডাউনৰ সময়ত নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলৰ একাংশ পথত ডাম্পাৰৰ অবাধ চলাচলে বাৰুকৈয়ে ক্ষতিগ্ৰস্থ কৰিছে অঞ্চল সমুহৰ বাট-পথ সমূহ। চামগুৰিৰ বিভিন্ন ক্ৰেচাৰ মেছিন লৈ দৈনিক অবাধ গতিত অহা-যোৱা কৰা একাধিক গধুৰ বাহন তথা ডাম্পাৰৰ চলাচলে সম্পূৰ্ণৰূপে পথ সমুহ বিধ্বস্ত কৰাৰ অভিযোগ উঠিছে ৷বিশেষ কৈ চামগুৰিৰ বিলপাৰৰ পৰা উদমাৰি সংযোগী মূল পথটোৰৰ লগতে চাপানালাৰ পৰা শালনা সংযোগী পথটো জৰাজীৰ্ণ অৱস্থাত হোৱা পৰিলক্ষিত হৈছে ৷ নগাঁও -কাৰ্বিআংলং সীমান্তৱৰ্ত্তী অঞ্চল সমুহত থকা বিভিন্ন ক্ৰেচাৰ মেছিন সমূহলৈ অবাধ গতিত অহা ডাম্পাৰ সমূহে উক্ত পথ সমুহ বিধ্বস্ত কৰিছে বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে। চামগুৰিৰ স্থানীয় দল-সংগঠনে বহু আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ কেৰেপ নকৰা ক্ৰেচাৰ মেছিনৰ মালিক পক্ষৰ লগতে ডাম্পাৰ চালক সকলক নাকী লগাবৰ বাবে আজি চামগুৰি ব্যৱসায়ী সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতি, বীৰ লাচিত সেনাৰ চামগুৰি শাখা সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ চামগুৰি আঞ্চলিক সমিতিৰ একাংশ বিষয়ববীয়া একত্ৰিতহৈ চামগুৰি ৰাজহ চক্ৰ বিষয়া গৰাকীৰ হাতত উক্ত সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।লগতে অতী শীঘ্ৰে বৃহত্তৰ অঞ্চলটোত অবাধ গতিত চলাচল কৰি থকা ডাম্পাৰ সমূহক নাকী লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিধ্বস্ত পথ দুটাৰ উৎকৃষ্টমানৰ মেৰামতি কৰি উক্ত অঞ্চল সমুহৰ ৰাইজক যাতায়তৰ ক্ষেত্ৰত সুবিধা কৰি দিবৰ বাবে আজি উপস্থিত থকা সংগঠন কেইটাৰ বিষয়ববীয়া সকলে ৰাজহ চক্ৰ বিষয়া গৰাকীৰ ওচৰত দাবী উত্থাপন কৰে। অন্যথা অঞ্চলটোৰ পথ সমূহত ডাম্পাৰ চলাচল অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি থোৱাৰো হুংকাৰ প্ৰদান কৰে সংগঠন কেইটাৰ নেতা-কৰ্মী সকলে।

You might also like