নিয়মীয়া বাৰ্তা ৫ জুনঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চামগুৰিতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিশ্ব পৰিৱেশ দিৱস পালন কৰা পৰিলক্ষিত হয়। নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যলয়ে আজি চামগুৰিৰ বিভিন্ন অঞ্চলত এক হাজাৰ বৃক্ষ পুলি ৰোপণ কৰে। শালনা বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত অনুস্থিত এই বৃক্ষ ৰোপণ কাৰ্যসূচীত চামগুৰিৰ ইলেক্ট্ৰ’নিক আৰু প্ৰিন্ট মেডিয়াৰ সাংবাদিক, চামগুৰি আঞ্চলিক ছাত্র সন্থা, আছা আৰু আটছাৰ বিষয় ববীয়া সকলে বন বিভাগক সহযোগিতা আগবঢ়ায়। দক্ষিণ ডিজু সংৰক্ষিত বনাঞ্চলৰ কালাপানীৰ পাহাৰৰ দাঁতিতো বহু কেইবিধ ঔষধি আৰু মূল্যবান গছপুলি ৰোপন কৰা হয় ৷ শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন পালক ধ্ৰুৱজ্যোতি গায়ন আৰু প্ৰণৱ বৰাৰ সহযোগত পুৱাৰ ভাগত শালনাৰ বিভিন্ন অঞ্চলত ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় লোকক বিনামূলীয়াকৈ গছ পুলিও বিতৰণ কৰা হয় । ইপিনে চামগুৰি জিলা পৰিষদৰ সদস্য ৰীতা কাকতি বৰাৰ নেতৃত্বত চামগুৰি, ভেলেউগুৰি, ৰঙাগড়া আদি পঞ্চায়তৰ বিভিন্ন স্থানত বৃক্ষ ৰোপণ কৰা পৰিলক্ষিত হয়। চামগুৰিৰ কম্পিউটাৰ এডুকেছন এণ্ড ট্ৰেইনিং চেণ্টাৰৰ স্বত্বাধিকাৰী নৱজ্যোতি মুদৈৰ উদ্যোগত বৃক্ষৰোপণৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, গীত, কবিতা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰনিগুদাম আঞ্চলিক সমিতিয়ে সুতাৰ ডেকাচুক শাখা সমিতিৰ সহযোগত গছ পুলি ৰোপন কৰে ৷উক্ত বৃক্ষ ৰোপন কাৰ্যসুচীটো শুভাৰম্ভ কৰে চামগুৰি ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া অস্মিতা ৰেখা বৰাই।