নিয়মীয়া বাৰ্তা ৫ জুনঃ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয় আৰু চাপানালা বন কাৰ্যালয়ৰ বন কৰ্মীৰ যৌথ অভিযানত যোৱা নিশা কঠালগুৰি অঞ্চলৰ পৰা এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মী কেশৱ শইকীয়া আৰু গগন পাঠকৰ নেতৃত্বত আৰু চাপানালা বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদৰ সহযোগত এটা বন কৰ্মী দলে যোৱা নিশা এক গোপন সুত্ৰৰ পম খেদি কঠালগুৰি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ৷
পৰৱৰ্তী সময়ত বন কৰ্মী দলটোৱে কঠালগুৰি গাৰোগাৱঁৰ পথৰ পৰা মূল্যবান চোৰাংকাঠ ভৰ্তি এএছ ১২ ই ০৪৩৯ নম্বৰৰ এখন টাটা মবাইল গাড়ী জব্দ কৰে৷ বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে যোৱা নিশা বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শালৰ ফান্ট্ৰা খিনি বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান উক্ত চোৰাং কাঠ ভৰ্তি গাড়ীখন চাপানালা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে