নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৫০ লাখ ক’ভিডৰ নমুনা পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ধাৰাবাহিকভাৱে গ্রহণ কৰি আহিছে বিভিন্ন পদক্ষেপ৷ ৰোগীৰ বাবে বিছনা সাজু কৰাৰ পৰা আৰম্ভ কৰি খাদ্য যোগানলৈকে এক সুপৰিকল্পিত ব্যৱস্থাৰে ৰাজ্যত নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে ক’ৰোনাৰ সংক্রমণ৷ ইয়াৰ মাজতে আন এক গুৰুত্বপূর্ণ সফলতা লাভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷

বর্তমানলৈ ৰাজ্যত ৫০ লাখ ক’ভিডৰ নমুনাৰ পৰীক্ষা সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে৷  এক টুইটযোগে এই কথা সদৰী কৰিছে বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ প্রকাশ কৰা অনুসৰি ১৬ নৱেম্বৰলৈ সম্পন্ন হৈছে ৫০,০০,৪২৬টা নমুনাৰ পৰীক্ষা৷

উল্লেখ্য যে দেশজুৰি ক’ভিডৰ সংক্রমণ আৰম্ভ হোৱাৰ সময়ত যোৱা ৭ ফেব্রুৱাৰীত ৰাজ্যত প্রথমটো পৰীক্ষাগাৰ স্থাপন কৰা হৈছিল৷ এই দিনটোৰ পৰা এক লাখ নমুনাৰ পৰীক্ষা সম্পন্ন হ’বলৈ প্রয়োজন হৈছিল ১১৪ দিন৷ অর্থাৎ ৩০ মে’ত ৰাজ্যত এক লাখ নমুনাৰ পৰীক্ষা সম্পন্ন হৈছিল৷ পৰৱর্তী সময়ত ৯ জুলাইত ৫ লাখ, ৩ আগষ্টত ১০ লাখ, ১২ আগষ্টত ১৫ লাখ, ২৪ আগষ্টত ২০ লাখ, ৭ ছেপ্টেম্বৰত ২৫ লাখ, ২৩ ছেপ্টেম্বৰত ৩০ লাখ, ৩০ ছেপ্টেম্বৰত ৩৫ লাখ, ১৩ অক্টোবৰত ৪০ লাখ, ২৪ অক্টোবৰত ৪৫ লাখৰ ঘৰ চুইছিল নমুনাৰ পৰীক্ষাৰ মুঠ সংখ্যাই৷ ২৪ অক্টোবৰৰ পৰা ২৩ দিন পাছত ৰাজ্যত মুঠ নমুনা পৰীক্ষাৰ সংখ্যাই ৫০ লাখৰ ঘৰ অতিক্রম কৰিবলৈ সক্ষম হয়৷

ইপিনে, ৰাজ্যত ক’ৰোনাৰ সংক্রমণৰ হাৰ ক্রমাগতভাৱে হ্রাস পাবলৈ আৰম্ভ কৰিছে৷ কালিৰ দিনটোত ৰাজ্যত মাত্র ৯৩গৰাকী লোকৰ শৰীৰতহে ধৰা পৰিছিল ক’ভিড–১৯ৰ সংক্রমণ৷

You might also like