হোজাইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ
নিয়মীয়া বার্তা, ১০ জুন: প্ৰথমটো বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা হোজাই জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল সমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসম চৰকাৰৰ চাহ জনগোষ্ঠী উন্নয়ন আৰু শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আজি হোজাই জিলাত উপস্থিত হয়। মন্ত্ৰীজনে প্ৰথমে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীৰ সৈতে বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল সমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পিছত মন্ত্ৰীজনে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন সভাত অংশ লয়। জিলা দূৰ্যোগ ব্যৱস্হাপনা বিভাগ, হোজাইৰ সহযোগত অনুষ্ঠিত হোৱা বান সংক্ৰান্তীয় পৰ্যালোচনা সভাত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলো উপস্থিত থাকে। সভাত অতিৰিক্ত উপায়ুক্ত তথা CEO, DDMA উৰ্মি মেধিয়ে পাৱাৰ পইন্ট প্ৰেজেন্টেশ্চনৰে বান ক্ষতিগ্ৰস্ত হোৱা হোজাই, ডবকা আৰু লংকা চক্ৰৰ অধীনৰ অঞ্চলসমুহ, উদ্ধাৰ আৰু সাহাৰ্য তথা আক্ৰান্ত অঞ্চলৰ বিস্তৃত তথ্য মন্ত্ৰী গৰাকীৰ আগত দাঙি ধৰে। সভাত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগসমূহৰ এই সময়ছোৱাত হোৱা বিভিন্ন আচঁনিৰ ক্ষয়ক্ষতিৰ তথ্যৰ লগতে কেনেদৰে সাহাৰ্য আগবঢ়াইছে তাৰ ওপৰত মুৰব্বী বিষয়া সকলৰ সৈতে আলোচনা কৰে। লগতে মন্ত্ৰী জনে সংশ্লিষ্ট বিভাগ সমুহে ৰূপায়ন কৰিব লগীয়া আচঁনি সমুহ অতি সোনকালে ৰূপায়ন কৰিবৰ বাবে অনুৰোধ জনায়। অঙ্গনবাডী কেন্দ্ৰৰ আচঁনি, লোকনিৰ্মাণ বিভাগৰ পথ, মীন বিভাগৰ আচঁনি,কৃষি বিভাগৰ শস্যৰ খেতিৰ ক্ষয়ক্ষতিৰ বুজ লোৱাৰ লগতে স্বাস্থ্য বিভাগৰ জৰিয়তে আক্ৰান্ত ৰাইজৰ বেমাৰ-আজাৰ আৰু চিকিৎসা সাহাৰ্যৰো বুজ লয়। উক্ত সভাত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে গকুল চন্দ্ৰ ব্ৰহ্ম, ৰক্তিম বৰুৱা, উৰ্মি মেধি, চক্ৰবিষয়া সকলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানী বিভাগ, কৃষি বিভাগ, সমাজ কল্যাণ বিভাগ, পশুপালন বিভাগ, জলসম্পদ বিভাগ, স্বাস্হ্য বিভাগ,শিক্ষা বিভাগ, জলসিঞ্চন বিভাগ, বন বিভাগ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগ আদি বিভাগসমূহৰ মুৰব্বী বিষয়া সকলো উপস্থিত থাকে।