নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন এই এছএছ? সঞ্জীত কৃষ্ণই ধন জমা ৰখা ৰহস্যময়ী নাৰীৰ আজিও নোলাল সন্ধান

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অসম আৰক্ষীত শেহতীয়াকৈ খলকনি তুলিছে এগৰাকী ৰহস্যময়ীয়ে৷ উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্ণকাকত যোগান ধৰাৰ নামত দালাল ৰুবুল হাজৰিকাৰ পৰা ৪০ লাখ টকা লোৱা কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণৰে এই ৰহস্যময়ী নাৰীৰ সম্পর্ক কি, তাক লৈ খোদ আৰক্ষীৰ ভিতৰচ’ৰাত তীব্র চর্চা হৈছে৷

আৰক্ষীৰ একাংশ শীর্ষ বিষয়াৰ মাজত ‘এছ এছ’ চমু নামেৰে পৰিচিত মহিলাগৰাকীৰ হাতত সঞ্জীত কৃষ্ণই ৪০ লাখ টকা জমা থোৱা বুলি সংবাদ মাধ্যমত প্রকাশ হোৱাৰ পাছত সর্বসাধাৰণৰ মাজতো কোন এই ৰহস্যময়ী নাৰী এছ এছ, তাক লৈ ৰহস্য সৃষ্টি হৈছে৷ উল্লেখ্য যে যোৱা ১৫ অক্টোবৰত সঞ্জীত কৃষ্ণই চি আই ডিৰ হাতত আত্মসমর্পণ কৰাৰ পূর্বে অর্থাৎ ১৪ অক্টোবৰত তিনিজন ঘনিষ্ঠ বন্ধুৰ সৈতে গৈ এই ৰহস্যময়ী নাৰীগৰাকীক লগ ধৰি ৪০ লাখ টকা থ’বলৈ দিছিল৷ ধনৰ বেগ লৈ ৰহস্যময়ী মহিলাগৰাকীয়ে তীব্রগতিত গাড়ী চলাই সেই স্থানৰ পৰা আঁতৰি গৈছিল৷

আৰক্ষীৰ চোৰাংচোৱাই লাভ কৰা এই তথ্য চি আই ডিক অৱগত কৰাৰ পাছতে চি আই ডিৰ দলে এই মহিলাগৰাকীৰ সন্ধানত মহানগৰীৰ গীতানগৰকে ধৰি কেইবাটাও স্থানত অভিযান চলায় যদিও ৰহস্যময়ীৰ কোনো শুংসূত্র তথা ধনৰ সন্ধান উলিয়াব পৰা নাই৷ ৰহস্যময়ী নাৰীৰ সন্ধানত চি আই ডিয়ে দুদিন পূর্বে এগৰাকী মহিলাক আটক কৰি সোধা–পোছা কৰাৰ মাজতে গাড়ী চলাব পাৰেনে বুলি সোধাত মহিলাগৰাকীয়ে গাড়ী চলাব নাজানে বুলি কোৱাৰ পাছত তেওঁক যাবলৈ দিয়া হয়৷

ইয়াৰ পাছতে ৪০ লাখ টকা তথা এই ৰহস্যময়ীৰ সন্ধান উলিয়াবলৈ চি আই ডিয়ে এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক পর্যায়ৰ বিষয়াৰ নেতৃত্বত এটা বিশেষ গোট গঠন কৰি দিয়ে৷ এই বিশেষ গোটটোৱেও ইতিমধ্যে ৰহস্যময়ী নাৰী তথা ধনৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে যদিও ইয়াৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ এনে পৰিস্থিতিত স্বাভাৱিকতে ৪০ লাখ টকা লৈ ৰহস্যময়ী নাৰীয়ে ক’ত আত্মগোপন কৰিলে, তাক লৈ ৰহস্য সৃষ্টি হৈছে৷

ইফালে অসম আৰক্ষীৰ ৰাজ্যিক নিযুক্তি ব’ৰ্ডৰ সদ্যপদত্যাগী অধ্যক্ষ প্রদীপ কুমাৰৰ সৈতে বহু পূর্বৰে পৰা মধুৰ সম্পর্ক আছিল এমেইনটেকৰ স্বত্বাধিকাৰী প্রাঞ্জল বৰুৱাৰ৷ প্রদীপ কুমাৰ অসম আৰক্ষীৰ প্রশিক্ষণ আৰু সশস্ত্র আৰক্ষীৰ অতিৰিক্ত সঞ্চালক হৈ থকা সময়ৰ পৰা প্রাঞ্জল বৰুৱাৰ লগত চিনাকি আছিল৷ অভিযোগ মতে, সেই সময়ত প্রায়ে প্রদীপ কমাৰৰ কার্যালয়ত বহি আছিল প্রাঞ্জল বৰুৱা৷ দিনৰ দিনটো অতিৰিক্ত সঞ্চালকৰ কার্যালয়ত বহি থকা দেখি সেই সময়ত একাংশ কর্মচাৰীয়ে প্রাঞ্জলকো উক্ত কার্যালয়ৰে কর্মচাৰী বুলি ভাবি প্রথম অৱস্থাত ভুল কৰিছিল৷

কিন্তু প্রাঞ্জল সেই কার্যালয়টোৰ কর্মচাৰী নহয় বুলি পৰৱর্তী সময়ত কর্মচাৰীসকল নিশ্চিত হোৱাৰ পাছত তেওঁলোকৰ ‘বছ’ৰ লগত এইজন লোকৰ সদায় সদায় ইমান কি কাম থাকে বুলি আটাইৰে মনত প্রশ্ণ উদয় হৈছিল৷ চি আই ডিৰ তদন্ততো প্রদীপ কুমাৰ আৰু প্রাঞ্জল বৰুৱাৰ মাজত মধুৰ সম্পর্ক থকাৰ তথ্য লাভ কৰে৷ সেই ঘনিষ্ঠতাৰ সূত্রেই প্রদীপ কুমাৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ হৈ থকাৰ সময়ত কেৰালাৰ কেলট্রন নামৰ প্রতিষ্ঠানটোৰ সৈতে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষা পৰিচালনা কৰাৰ দায়িত্ব প্রাঞ্জল বৰুৱাৰ এমেইনটেক নামৰ প্রতিষ্ঠানটোৱে লাভ কৰাত মধ্যস্থতা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷

যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যজুৰি আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’ব লগা এই উপ–পৰিদর্শক পদৰ পৰীক্ষা পৰিচালনা কৰাৰ দায়িত্ব কেলট্রনৰ পৰা অক্ষয় টেলিকমিউনিকেচনে লাভ কৰাতো প্রদীপ কুমাৰে অনুৰূপ ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, তিনি দিন পূর্বে নিযুক্তি ব’ৰ্ডৰ প্রাক্তন অধ্যক্ষ প্রদীপ কুমাৰক চি আই ডিৰ তদন্তকাৰী বিষয়াই এই সংক্রান্তত বহু সময় ধৰি জেৰা কৰে৷

প্রদীপ কুমাৰে এমেইনটেকৰ প্রাঞ্জল বৰুৱা আৰু অক্ষয় টেলিকমিউনিকেচনৰ হৈ কাম কৰা দিবন ডেকা আৰু ৰুবুল হাজৰিকাক বহু দিন আগৰে পৰা চা–চিনাকি থকা বুলি তদন্তকাৰী বিষয়াৰ আগত সদৰী কৰে৷ এনে প্রেক্ষাপটত বৃহৎ ‘কমিছন’ লৈ এই প্রতিষ্ঠান দুটাৰ হৈ কেলট্রনৰ লগত প্রদীপ কুমাৰে মধ্যস্থতা কৰা বুলি তদন্তকাৰী বিষয়াই সন্দেহ কৰিছে৷ এই সন্দর্ভত চি আই ডিয়ে সঠিকভাৱে তদন্ত কৰিলে কেলট্রনৰ পৰা এমেইনটেক আৰু অক্ষয় টেলিকমিউনিকেচনে উপ–ঠিকা লাভ কৰাৰ আঁৰত সংঘটিত কেলেংকাৰি পোহৰলৈ অহাৰ সম্ভাৱনা আছে যদিও চি আই ডিৰ তদন্তকাৰী বিষয়াই ‘ৰহস্যজনক’ কাৰণত এই দিশত তদন্ত আগবঢ়াব বিচৰা নাই বুলি জানিব পৰা গৈছে৷

এনে কাৰণতে চি আই ডিয়ে আজিলৈকে প্রাঞ্জল বৰুৱাক গ্রেপ্তাৰ কৰা নাই আৰু উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পাছতো এমেইনটেকৰ স্বত্বাধিকাৰীজনক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ ইফালে উপ–পৰিদর্শক পদৰ প্রশ্ণকাকত হোৱাট্ছএপযোগে দালাল দিবন ডেকাক প্রেৰণ কৰা গৌতম মেচ নামৰ লোকজনকো চি আই ডিয়ে আজিলৈকে তদন্তৰ আওতালৈ ননাক লৈও ৰহস্য সৃষ্টি হৈছে৷ এনে পৰিস্থিতিত কৰিমগঞ্জৰ প্রাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক গ্রেপ্তাৰ কৰিয়ে তদন্ত প্রক্রিয়া সামৰণি মাৰিব বিচাৰিছে বুলি অভিযোগ উঠিছে৷

You might also like