নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী সভাত মহাপুৰুষজনাক ‘শংকৰদেৱ চাহাব’ আখ্যা ইউডিএফপ্রধানৰ

বটদ্রৱাত গুৰুজনাক চৰম অপমান বদৰুদ্দিন আজমলৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ চূড়ান্ত উগ্র সাম্প্রদায়িক, বিভাজনমুখী, প্রৰোচনামূলক মন্তব্যৰে অসমৰ ৰাজনৈতিক ক্ষেত্রখন কলুষিত কৰি অহা এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে এইবাৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱকো অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ অসমীয়া জাতিৰ আৱেগ–নুভূতিক তাচ্ছিল্য কৰি আজমলে তেওঁৰ সভাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক ‘গুৰু মহাদেউ শংকৰ চাহাব’ বুলি সম্বোধন কৰাই নহয় ‘শংকৰদেৱ জিন্দাবাদ’ ধ্বনিও দিয়ে৷ উল্লেখ্য যে সোমবাৰে বটদ্রৱা সমষ্টিৰ ধিঙৰ ধূপগুৰিত এআইইউডিএফে এখন ৰাজনৈতিক সমাৱেশৰ আয়োজন কৰে৷ সেই ৰাজনৈতিক সমাৱেশখনত দলটোৰ অন্যান্যসকলৰ লগতে সভাপতি বদৰুদ্দিন আজমল, বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, ৰফিকুল ইছলাম, আমিনুল ইছলাম, মামুন ইমদাদুল হক চৌধুৰী, নজৰুল ইছলাম আদিও উপস্থিত থাকে৷ সমাৱেশস্থলীত আজমল উপস্থিত হোৱাৰ লগে লগে দলীয় সমর্থকসকলে বদৰুদ্দিন আজমল জিন্দাবাদ, তলা–চাবি জিন্দাবাদ, মতিউৰ ৰহমান জিন্দাবাদ ধ্বনি দিয়াৰ সমান্তৰালভাৱে শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়ে৷ ইয়াৰ জৰিয়তে এআইইউডিএফৰ সমর্থকসকলে আজমল আৰু মহাপুৰুষ শংকৰদেৱক একেই শাৰীত নিয়াৰ চৰম অপচেষ্টা কৰে৷ পিছে ইমানতেই মহাপুৰুষজনাক কৰা অপমান শেষ নহ’ল৷ দলটোৰ সভাপতি স্বয়ং আজমলে ৰাজনৈতিক সভাখনত ভাষণতো মহাপুৰুষজনাক অপমান কৰা দেখা গ’ল৷ ভাষণত আজমলে মহাপুৰুষজনাৰ নাম ল’বলৈ গৈ ‘গুৰু মহাদেউ শংকৰ চাহাব’ বুলিও সম্বোধন কৰে৷ আসন্ন বিধানসভা নির্বাচনত গুৰুজনাৰ জন্মস্থান বটদ্রৱাত এআইইউডিএফে মতিউৰ ৰহমানক প্রার্থিত্ব দিয়াৰ কথা উল্লেখ কৰে৷

মন কৰিবলগীয়া এয়ে যে বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আজমলৰ কেতবোৰ কর্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ কেইমাহমান পূর্বে আজমলে গোৱালপাৰাৰ এখন দলীয় সভাত উর্দু ভাষাৰ বেনাৰ লগাই বিতর্কৰ সূচনা কৰে৷ সেই বিতর্ক চলি থকাৰ মাজতেই কিছুদিন পূর্বে আজমলে বৰাক উপত্যকা আৰু ধুবুৰীৰ দুখন নির্বাচনী সভাত বিজেপিক সমালোচনা কৰিবলৈ গৈ অতি উগ্র সাম্প্রদায়িক প্রৰোচনামূলক মন্তব্য কৰে৷ অসমীয়া সমাজখন হিন্দু–মুছলমানৰ মাজত ভাগ ভাগ কৰি ৰাজনৈতিক মুনাফা আদায়ৰ অংকত ব্যতিব্যস্ত হৈ পৰা আজমলে এইবাৰ মহাপুৰুষজনাকো অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজমলৰ প্রৰোচনামূলক উগ্র সাম্প্রদায়িক মন্তব্যৰ প্রসংগত কিছুদিন পূর্বে ভৱিষ্যতে যাতে কাৰো আৱেগ–নুভূতিত আঘাত হানিব পৰা মন্তব্য মহাজোঁটৰ অংশীদাৰে নকৰে, সেই বিষয়ে জনোৱা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছিল৷ কিন্তু আজি বটদ্রৱাত আজমলে মহাপুৰুষজনাক ‘চাহাব’ আখ্যা দিয়াৰ লগতে তেওঁৰ সমর্থকসকলে আজমলৰ সমানে সমানে শংকৰদেৱৰ নামত জিন্দাবাদ দিয়া ধ্বনি সম্পর্কত মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছৰ প্রতিক্রিয়া কেনেধৰণৰ হয় সেয়াহে লক্ষণীয় হ’ব৷ আজমলৰ আজিৰ এই বিতর্কিত মন্তব্যই গুৰুজনাৰ জন্মস্থান বটদ্রৱাত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজে একমুখে এআইইউডিএফৰ সভাপতি আজমলক ধিক্কাৰ দিছে৷

You might also like