আজিৰে পৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনঃ বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্রৰ চৌদিশে হৰিনামৰ ধ্বনি
নিৰাপত্তাৰ দায়িত্ব ল’লে ৪০০ আৰক্ষীৰ বিশাল বাহিনীয়ে
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ আজিৰে পৰা বহু প্রত্যাশিত শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশন৷ নাহৰকটীয়াৰ ৰাঙলীপথাৰ–কলিয়াপ্ নির্মাণ কৰি উলিওৱা ১৬শ বিঘা মাটিকালি ব্যাপ্ত বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্রত এতিয়া চৌদিশে হৰিনাম ধ্বনি৷ সমগ্র উত্তৰ–পূবৰ ভিতৰতে বৃহৎ ধর্মীয় তথা সামাজিক সংগঠন শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক মূল অধিৱেশনস্থলীলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্রান্তৰ ভকত–বৈষৱৰ আগমণ আৰম্ভ হৈছে৷ সকলোৰে এতিয়া একমাত্র প্রার্থনা গোমা বতৰৰ প্রচ্ছায়া আঁতৰি যেন ভালে–কুশলে পৰিসমাপ্তি ঘটে প্রায় দুটা বছৰ বিৰতিত অনুষ্ঠিত হোৱা নাহৰকটীয়া অধিৱেশনৰ৷
উল্লেখ্য যে ক’ৰোনাকালীন পৰিস্থিতিৰ বাবে নাহৰকটীয়াত অনুষ্ঠিতব্য অধিৱেশনখনক লৈও বিগত ১০ ফেব্রুৱাৰী পর্যন্ত অনিশ্চয়তা আছিল৷ অৱশ্যে সময় আগবঢ়াৰ লগে লগেই অধিৱেশনৰ কাম–কাজো আগবাঢ়ে আৰু অৱশেষত মূল অধিৱেশন আৰম্ভ হোৱাৰ সময়ো নিচেই সন্নিকট৷ বৃহস্পতিবাৰে বিপুল উছাহেৰে ভকত–বৈষৱে বাগ্মীবৰ নীলমণি ফুকন ক্ষেত্রত স্থাপন কৰা নামঘৰলৈ কঢ়িয়াই আনে ভাগৱত সমন্বিতে ধর্মধ্বজা৷ ইফালে আয়োজক মণ্ডলীৰ ব্যস্ততাৰ মাজতেহ অধিৱেশনস্থলীৰ নিৰাপত্তাৰ দায়িত্ব কালিৰে পৰা চমজি লৈছে ৪০০ আৰক্ষীৰ লোকে৷ সাতগৰাকী উপ–আৰক্ষী অধীক্ষকৰ নিয়ন্ত্রণত থাকিবলগীয়া এই বিশাল আৰক্ষী বাহিনীত আছে ২০গৰাকী পৰিদর্শক আৰু ৪০গৰাকী উপ–পৰিদর্শক পর্যায়ৰ বিষয়া৷ আনহাতে, আৰক্ষী বাহিনীটোত আছে ৬০ মহিলা আৰক্ষীও৷ অধিৱেশনস্থলীৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত অহর্নিশে থাকিবলগীয়া আৰক্ষী বাহিনীক সহায়ৰ বাবে থাকিব ৫০০ গাঁওৰক্ষী বাহিনীৰ সদস্য৷ ইয়াৰ উপৰি আছে খোদ শংকৰদেৱ সংঘৰ দহ সহস্রাধিক সেৱা বাহিনীৰ সদস্য৷