ক’ভিড প্রট’কলৰ মাজেৰে ৰাজ্যজুৰি গুৰুজনাৰ তিৰোভাৱ তিথি উদ্যাপন ভক্তৰ
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ জাতীয় জীৱনক নতুন ৰঙেৰে সজাই অসমীয়া জাতিৰ বৰভেটি প্রতিষ্ঠা কৰা জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মস্থান বটদ্রৱাত তেৰাৰ ৪৫৩সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ‘গুৰু কীর্তন’ উৎসৱত বুধবাৰে সামাজিক দূৰত্ব ৰক্ষাৰ মাজেৰে ভক্ত–বৈষ্ণৱৰ সমাগমত এক আধ্যাত্মবাদী কৃষ্ণ ভক্তিৰ নান্দনিক পৰিৱেশৰ সৃষ্টি হয়৷ কালি বিয়লি গুৰু কীর্তনৰ গন্ধ গোৱা হয় আৰু সন্ধিয়া ভোজন বেহাৰৰ বেহাৰৰ নাচৰ গোৱা–বোৱা সম্পন্ন হয়৷
গুৰু কীর্তন উপলক্ষে বুধবাৰে পুৱা ঊষা কীর্তনৰ পাছতেই তাল কোবোৱা প্রসংগ আৰু মঞ্জিৰা নাম অনুষ্ঠিত হয়৷ ইয়াৰ পাছতেই আইসকলৰ পুৱা নাম–প্রসংগত ‘ৰুক্মিণী হৰণ’ৰ দিহা গোৱা হয়৷ কাহিলি পুৱাতে অঞ্চলটোৰ ভিন্ন প্রান্তৰ পৰা অহা কেইবাটাও দিহানামৰ দল ঊষা কীর্তনৰ নামতী দলে ভক্তিৰ নিজৰা বোৱাই ভক্তিময় পৰিৱেশৰ সূচনা কৰে৷ গায়ন–বায়নে পুৱাৰ গীতত ‘পৰভাতে শ্যাম কানু ধেনু লৈয়া সংগে’ শীর্ষক গীত পৰিৱেশন কৰে৷ দুপৰীয়া কীর্তন ঘৰৰ নাম–প্রসংগত ‘ৰাম নিৰঞ্জন’, ‘এ হৰি ৰাম নিৰঞ্জন’ আৰু ‘কৃষ্ণ সূর্য ভৈলন্ত উদিত’ শীর্ষক কীর্তন পৰিৱেশন কৰাৰ পাছত ‘মাধৱ মাধৱ মধু ৰিপু/গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম’ ঘোষা গোৱা হয়৷ দুপৰীয়া কীর্তন ঘৰ, দৌলমন্দিৰ আৰু পদশিলাৰ নামত সমৱেত ভকত–বৈষ্ণৱ আইমাতৃ সকলোৱেই হাতত ছেনিটাইজাৰ সানি, মুখত মাস্ক আৰু সামাজিকভাৱে ব্যৱধান ৰক্ষা কৰি নাম–প্রসংগত অংশ লয় আৰু নৈবেদ্য–প্রসাদ গ্রহণ কৰে৷
প্রকাশ থাকে যে ঐতিহ্যময় পৰম্পৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি গুৰু কীর্তনৰ দিনা বিয়লিৰ ভাগত নাটঘৰ প্রাংগণত অনুষ্ঠিত হৈ থকা ‘ভোজন বেহাৰ’ নাটৰ অভিনয় অনুষ্ঠান ক’ভিড পৰিৱেশৰ বাবে দ্বিতীয় বছৰৰ বাবেও বাতিল কৰা হয়৷ জাতীয় জীৱনৰ মণিকূটস্বৰূপ বটদ্রৱাত দ্বিতীয়বাৰৰ বাবে গুৰু কীর্তনৰ ঐতিহ্যময় পৰম্পৰা ‘ভোজন বেহাৰ’ নাটৰ অভিনয় শিল্পৰ গাম্ভীর্যপূর্ণ অনুষ্ঠান বাতিল হোৱাক লৈ সত্রীয় সাংস্কৃতিক পৰম্পৰাৰ লগত জডিতসকলৰ মনত বেদনা বিঢ়ৌত পৰিৱেশ দেখিবলৈ পোৱা গ’ল৷
গুৰু কীর্তন উপলক্ষে পুৱাৰে পৰা গুৰুপুৰুষৰ জন্ম আদিক্ষেত্রলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্রাণ ৰাইজৰ আগমন ঘটে৷ কীর্তন ঘৰ, পদশিলা, পাটশিলা, দৌল মন্দিৰ আদি পুণ্যস্থানসমূহত তীর্থযাত্রীসকলে শৰাই, বন্তি, নৈবেদ্য আদি প্রদাণ কৰি ঈশ্বৰৰ আশিস নির্মালি গ্রহণ কৰে৷ লকডাউনৰ পাছৰে পৰা বহুদিনৰ বিৰতিৰ পাছত দুপৰীয়া কীর্তন ঘৰত প্রসাদ গ্রহণ কৰি তপোবনৰ সুষমাৰে সুশোভিত ‘আকাশীগংগা’ৰ তীৰত পৰিয়ালৰ লগত জলপান৷ লঘু অন্ন গ্রহণ কৰাটোও বুধবাৰে দৃষ্টিনন্দন আছিল৷ কাহিলি পুৱাতে কীর্তন ঘৰৰ পীৰালিত বহি ‘কৃষ্ণ হৰি এ, ৰাম ৰাম৷ অ’ হৰি মোৰ বান্ধৱ’ শীর্ষক নিৰক্ষৰী ঘোষাৰে নাম ডকা কার্যসূচীৰে ভকত–বৈষ্ণৱসকলে ঘোষা পৰিৱেশনেৰে বটদ্রৱাৰ আকাশ–বতাহ মুখৰিত কৰি তোলে৷ পুৱা তাল কোবোৱা প্রসংগৰে আৰম্ভ হোৱাৰ পাছত পৰম্পৰাগত ঐতিহ্যক সাৰোগত কৰি নিশা শেষ পাল গোৱা প্রসংগৰে গুৰু কীর্তনৰ কার্যসূচীৰ অন্ত পৰিল৷ গুৰু কীর্তন উপলক্ষ্যে বুধবাৰে বটদ্রৱা থানত অসমৰ দৌৰৰাণী তথা স্বর্ণকন্যাখ্যাত হিমা দাসে দুপৰীয়াৰ ভাগত সেৱা গ্রহণ কৰি ঈশ্বৰৰ আশীর্বাদ লয়৷ কটন বিশ্ববিদ্যালয়ৰ উপাচার্যৰ নেতৃত্বত ছাত্র–ছাত্রী আৰু অধ্যাপকৰ দল এটায়ো গুৰু কীর্তন উপলক্ষ্যে বটদ্রৱা থানত সেৱা গ্রহণ কৰে৷