নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ঘটনাগ্রস্ত ফেৰীত নাছিল লাইফ জেকেট–যাত্রীৰ টিকট

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ কেইবাটাও পাৰঘাটত সংঘটিত ভয়াৱহ নাও দুর্ঘটনাৰ পাছতো কোনো শিক্ষা নল’লে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ বিষয়া–কর্মচাৰীৰে পূর্ণ এই বিয়াগোম বিভাগটোৱে আজিপর্যন্ত জলপথেৰে চলাচল কৰা নাও অথবা ফেৰীৰ যাত্রীসকলৰ জীৱন সুৰক্ষিত কৰিব নোৱাৰিলে৷

বিভাগীয়ভাৱে গ্রহণ কৰিবলগীয়া সুৰক্ষা ব্যৱস্থা সন্দর্ভত চূড়ান্ত হেমাহি প্রদর্শন কৰি অহাৰ ফলতে নাও দুর্ঘটনাত একাংশ যাত্রীয়ে শোকাৱহভাৱে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ যোৰহাটৰ নিমাতীঘাটত আজি সংঘটিত ভয়াৱহ ফেৰী দুর্ঘটনাই পুনৰ জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতা উন্মোচন কৰিলে৷ বুধবাৰে দুর্ঘটনাত পতিত হোৱা মা কমলা নামৰ ফেৰীখনত নাছিল কোনো সুৰক্ষা ব্যৱস্থা৷

প্রাপ্ত তথ্য অনুসৰি এই ফেৰীখনত এটাও লাইফ জেকেট নাছিল৷ সেইদৰে নিমাতীঘাটৰ পৰা মাজুলী অভিমুখী মা কমলা নামৰ ফেৰীখনৰ যাত্রীসকলক দিয়া হোৱা নাছিল কোনো টিকট৷ এই পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্রীৰ কোনোধৰণৰ নাম–ঠিকনা পঞ্জীয়নৰ ব্যৱস্থা কৰা নাছিল বুলিও জানিব পৰা গৈছে৷ ফলত দুর্ঘটনাত পতিত হোৱা এই ফেৰীখনত থকা যাত্রীসকলৰ প্রকৃত সংখ্যা তথা নাম–ঠিকনা আদি উদ্ধাৰ কৰাৰ ক্ষেত্রত সংশ্লিষ্ট প্রশাসন যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ সেইদৰে মা কমলা নামৰ ফেৰীখনে অতিৰিক্ত যাত্রী কঢ়িয়াই নিছিল বুলিও একাংশ লোকে অভিযোগ কৰিছে৷

উল্লেখ্য যে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা এখন ভুটভুটী দুর্ঘটনাগ্রস্ত হোৱাৰ ফলত তিনিগৰাকী যাত্রীৰ মৃত্যু ঘটিছিল৷ প্রায় ৪০জন যাত্রী লৈ যোৱা এই ভুটভুটীখনে উত্তৰ গুৱাহাটীত নির্মীয়মাণ এটা প্রকল্পৰ খুঁটাত প্রচণ্ড জোৰে খুন্দা মাৰি ব্রহ্মপুত্রত ডুব গৈছিল৷ সেই সময়ত এই ভুটভুটীখনত যাত্রীৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা নথকাৰ তথ্য পোহৰলৈ আহিছিল৷ ইয়াৰ পাছতে ৰাজ্যত মেচিন নাও চলাচলৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ জল পৰিবহণ বিভাগে কেতবোৰ নির্দেশনা জাৰি কৰিছিল৷ বিশেষকৈ পাৰঘাটসমূহত যাত্রীৰ পঞ্জীয়ন, যাত্রীৰ সুৰক্ষা ব্যৱস্থা নিশ্চিতকৰণ কৰিবলৈ বিভাগটোৱে কঠোৰ নির্দেশনা জাৰি কৰিছিল৷ কিন্তু উত্তৰ গুৱাহাটীৰ সেই ভয়াৱহ দুর্ঘটনাৰ পাছতো আজিপর্যন্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো শিক্ষা নোলোৱাত স্বাভাৱিকতে ৰাজ্যজুৰি পুনৰ প্রতিক্রিয়া সৃষ্টি হৈছে৷

নিমাতীঘাটত বুধবাৰে দুখন ফেৰীৰ মাজত ঘটা সংঘর্ষৰ পাছত আন কেতবোৰ তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি নির্ধাৰিত সময়ত মা কমলা নামৰ ফেৰীখনে এৰা নাছিল পাৰঘাট৷ বিয়লি চাৰি বজাত পাৰঘাট এৰিব লাগিছিল মা কমলাই৷ কিন্তু ৪.১৫ বজালৈ পাৰঘাট এৰা নাছিল মা কমলাই৷ অন্তিম সময়লৈকে হুৰমুৰকৈ যাত্রী উঠোৱাত ব্যস্ত হৈ আছিল ফেৰীখন৷ তৎসত্ত্বেও পাৰঘাটত কর্মৰত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীসকলে কিয় ব্যৱস্থা গ্রহণ নকৰিলে, তাক লৈ প্রশ্নৰ সৃষ্টি হৈছে৷ হয়তো সময়মতে পাৰঘাট এৰা হ’লে  এই ভয়াৱহ দুর্ঘটনা সংঘটিত নহ’লহেঁতেন৷

তদুপৰি ব্যক্তিগত ফেৰীৰ মালিকৰ স্বৈৰাচাৰী আৰু অসাৱধানতাৰ লগতে বিভাগে একাংশ মালিকৰ পৰা মোটা অংকৰ ধনৰ বিনিময়ত ফিটনেছ নোহোৱা নাওসমূহ চলাচলৰ অনুমতি দিয়াৰ বাবেই এই ঘটনা সংঘটিত হ’ল বুলিও মাজুলীবাসীয়ে প্রতিক্রিয়া প্রকাশ কৰিছে৷ অত্যাধুনিক ৰ’প্রেক্স আৰু ৰ’ ৰ’ৰ দৰে অত্যাধুনিক জাহাজ ফুলদানীৰ দৰে সজাই থৈ অনুপযুক্ত আৰু দুর্বল কাঠৰ নাও চলাচলৰ বাবে অনুমতি প্রদান কৰি যাত্রীৰ জীৱনৰ সৈতে খেলা কৰা এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰো দাবী উত্থাপন হৈছে৷ পৰিবহণ মন্ত্রীৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ বিষয়ালৈকে বুধবাৰে নিমাতী ঘাটলৈ ৰাওনা হৈছে যদিও আগন্তুক সময়ত যাত্রীৰ সুৰক্ষাৰ বাবে এই বিয়াগোম বিভাগটোৱে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া হ’ব লক্ষণীয়৷

You might also like