নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত ৮৭ চোৰাং গৰুসহ তিনি কণ্টেইনাৰ জব্দঃ ধৃত এক

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অসম আৰক্ষীক যেন প্রত্যাহ্বান জনাইছে গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে৷ ৩১নং ৰাষ্ট্রীয় ঘাহপথেৰে নিতৌ সৰবৰাহ অব্যাহত ৰাখিছে চোৰাং গো–ধন৷ আৰক্ষী প্রশাসনৰ চকুত ধূলি দি ন ন কৌশলেৰে ছিণ্ডিকেট চক্রহ সৰবৰাহ কৰি আছে চোৰাং গৰু৷ কামৰূপৰ চাংসাৰিত ২৯ ডিচেম্বৰত এক ট্ৰাক আৰু পহিলা জানুৱাৰীৰ নিশা এক ড্রাক চোৰাং গৰু জব্দ কৰাৰ পাছত যোৱানিশা তিনিখন কণ্টেহনাৰসহ ৮৭টা চোৰাং গৰু চাংসাৰি আৰক্ষীয়ে জব্দ কৰে৷ নৱনিযুক্ত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তৰুণ তালুকদাৰে জানিবলৈ দিয়া মতে, এক গোপন সূত্রৰ ভিত্তিত কামৰূপ জিলাৰ সদৰ ডি এছ পি কল্যাণ কুমাৰ পাঠকৰ তৎপৰতাত এই অভিযানটো চলোৱা হৈছিল৷ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে নিজেই অভিযানৰ নেতৃত্ব লৈছিল৷ গৰু সৰবৰাহৰ সৈতে জড়িত এজন অভিযুক্তক আটক কৰে যদিও বাকীকেহজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে৷

উল্লেখ্য যে তেজপুৰৰ বোধাবাৰীৰ পৰা মেঘালয় অভিমুখী এ এছ–০১ চি চি–০৩৪৩, এ এছ–০১ চিচি–৮৫৪২ আৰু এ এছ–০১ চি চি–৮২৫৯ নম্বৰৰ কণ্টেহনাৰকেহখনেৰ্ চোৰাং গৰু সৰবৰাহ কৰাৰ সময়তে মদনপুৰৰ টোলগেটত আৰক্ষীৰ দলে জব্দ কৰে৷ টোলগেট পাৰ হোৱাৰ পাছতে আৰক্ষীয়ে এখন কণ্টেহনাৰত সন্দেহবশতঃ তালাচী চলোৱাৰ সময়তে বাকী বাহন দুখন ৰাজপথত এৰি সৰবৰাহকাৰী পলাহ পত্রং দিয়ে৷ হয়াৰ পাছতে আৰক্ষীয়ে গৰুভর্তি বাহন দুখনো জব্দ কৰি থানালৈ লৈ আহে৷ তিনিখন বাহনত আৰক্ষীয়ে জব্দ কৰে ৮৭টা গো–ধন৷ বিগত এসপ্তাহতে চাংসাৰি আৰক্ষীয়ে ৫খনকৈ চোৰাং গো–ধন সৰবৰাহত জড়িত বাহন জব্দ কৰাৰ লগতে মুঠ গো–ধনৰ সংখ্যা হল ১৩৩টা ৷ হতিমধ্যে ঘটনাৰ সৈতে জড়িত ১১জনকৈ অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

You might also like