বিজেপিৰ স্বপন কুমাৰ মণ্ডল সাংবাদিক খগেন কলিতা কংগ্রেছলৈ
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ বিধানসভা নির্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নতুন নতুন সদস্যৰ যোগদান পর্ব আৰম্ভ হৈছে৷ বিৰোধী দল কংগ্রেছতো এই পর্ব চলিছে৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি আয়োজিত এক যোগদান কার্যসূচীত বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য তথা অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল, জ্যেষ্ঠ সাংবাদিক খগেন কলিতা, বিজেপিৰ জনজাতি মর্চাৰ উপ–সভাপতি তথা ২০১১ চনৰ বিধানসভা নির্বাচনৰ দুধনৈৰ বিজেপি প্রার্থী বালিৰাম বড়ো, মৰাণ জনগোষ্ঠীৰ যুৱ নেতা প্রসেনজিৎ মৰাণকে ধৰি ছয় শতাধিক বিজেপি–গপ কর্মী, সমাজসেৱকে আনুষ্ঠানিকভাৱে কংগ্রেছৰ সদস্য পদ গ্রহণ কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন সাংসদ বর্ণিল কুলি, প্রাক্তন মন্ত্রী অকণ বৰা, বিধায়িকা নন্দিতা দাস আদিৰ উপস্থিতিত অনুষ্ঠিত এই কার্যসূচীত ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মর্চাৰ আমন্ত্রিত সদস্য সুজিত কুমাৰ দাস, বঙালীভাষী উন্নয়ন পৰিষদৰ কার্যবাহী সদস্য বিপদ ভঞ্জন সৰকাৰ, বিজেপিৰ প্রাক্তন ৰাজ্যিক সম্পাদক ৰামচৰণ দেৱনাথ, অনুসূচিত জাতি ছাত্র সন্থাৰ ৰঞ্জিত বিশ্বাস, উজ্জ্বল ৰয়, মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি তথা অগপ নেতা ভূপেন বৰুৱা, ডিৰাক জাতীয় বিদ্যালয়ৰ প্রতিষ্ঠাপক ৰমেন ভাওৰীয়া, জাগীৰোড বুথ বিজেপিৰ সভাপতি ৰমেন্দ্র দেৱ, গোৱালপাৰাৰ বিজেপি নেতা ৰঞ্জন সৰকাৰ, বৰপেটাৰ বিজেপি নেতা ওম প্রকাশ সিং, ধেমাজি জিলাৰ বিজেপি নেতা মানৱজ্যোতি দলৈ, উমানন্দ দাস, হৰিমোহন দাস, যুগনাথ দলৈ, পংকজ পাঙিং, বনীন্দ্র তৰফদাৰ, লখিমপুৰ জিলাৰ বিজেপি নেতা ৰূপম বিশ্বাস, অংকুৰ হাজৰিকা, গৌতম তালুকদাৰ, কবিন পাৱদাৰ, পংকজ বৰুৱা, দ্বীপজ্যোতি সোণোৱাল, জাগীৰোডৰ বিজেপি নেতা মনোজ বিশ্বাস, নাৰায়ণ দেৱনাথ, ৰঞ্জিত সাহা, মুকাণ্ডা মজুমদাৰ, ব্যৱসায়ী শৈলেশ আগৰৱালা, অধিবক্তা দীনেশ গুপ্তা, ব্যৱসায়ী দীপক দে’, জাগীৰোডৰ বজৰং দলৰ সদস্য প্রাঞ্জল কোঁৱৰ, জয়ন্ত বৰদলৈ, সঞ্জয় শ্বাহ, প্রফুল্ল বৰদলৈ, বিকাশ কোঁৱৰ, অগপ নেতা পুলিন গগৈ, বিজেপি নেতা প্রদীপ দেউৰী, অৱসৰপ্রাপ্ত শিক্ষক মেকমোহন গুৰুং, অগপ নেতা বিদ্যাধৰ বৰুৱা, সমাজকর্মী কুলধৰ ছেত্রী, দেৱীপ্রসাদ গাজুৰিল, গোপেশ্বৰ দাস, দীপক ৰাই, ৰাজু আলী, বীৰেন ছেত্রী, উমেশ মিশ্র, তাই আহোম জনগোষ্ঠীৰ নেতা নৱ বৰগোহাঁই, বিজেপি নেতা ভক্ত বুঢ়াগোহাঁই, সংগীত শিল্পী বসন্ত সন্দিকৈয়েও কংগ্রেছত যোগদান কৰে৷ আনুষ্ঠানিকভাৱে কংগ্রেছৰ সদস্য পদ গ্রহণ কৰিয়েই স্বপন কুমাৰ মণ্ডল আৰু বালিৰাম বড়োৱে বিজেপিৰ প্রতাৰণা, ভ্রষ্টাচাৰৰ বাবেই দলটোৰ প্রতি তেওঁলোকৰ মোহভংগ ঘটা বুলি প্রকাশ কৰে৷ সেইদৰে জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই বিজেপি দলে দেশৰ গণতন্ত্র আৰু ধর্মনিৰপেক্ষ চৰিত্রক কংসৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰ গুৰুতৰ অভিযোগ কৰে৷ অহা বিধানসভা নির্বাচনত তেওঁ হাজো সমষ্টিত কংগ্রেছৰ পৰা প্রার্থিত্ব বিচাৰিব বুলিও প্রকাশ কৰে৷ ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ভাষণত কয় যে ২০২১ চনৰ বিধানসভা নির্বাচন কংগ্রেছৰ বাবে হ’ব দ্বিতীয় স্বাধীনতাৰ যুঁজ৷ বিজেপিৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিৰুদ্ধেও হ’ব এই যুঁজ৷ ব্রিটিছৰ দৰে মোদীক খেদিব লাগিব৷ বিজেপিক উৎখাত কৰিব নোৱাৰিলে অসমৰ ভৱিষ্যৎ অন্ধকাৰ৷ মহাত্মা গান্ধীৰ কৰেংগে য়া মৰেংগে– এয়েই হ’ব কংগ্রেছৰ ২০২১ৰ নির্বাচনী বাণী৷