চৰ–চাপৰিৰ বাসিন্দাৰ দুখ দুর্দশাই প্রভাৱিত কৰিছিল বিশিষ্ট কথাশিল্পীক
গুৱাহাটী প্রেছ ক্লাবত ‘চৰ–চাপৰিৰ নির্বাচিত অসমীয়া কবিতা’ উন্মোচন হোমেন বৰগোহাঞিৰ
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ‘চৰ–চাপৰিৰ নির্বাচিত কবিতা’ এই কবিতা পুথিখন কেৱল কবিতাই নহয়৷ এয়া এখন অসামান্য ঐতিহাসিক দলিল৷ –এই মন্তব্য প্রথিতযশা কথাশিল্পী তথা ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ৷ আজি গুৱাহাটী প্রেছ ক্লাবত বিশিষ্ট সাহিত্যিক ইছমাইল হোছেইন সম্পাদিত ‘চৰ–চাপৰিৰ নির্বাচিত অসমীয়া কবিতা’ গ্রন্থখন উন্মোচন কৰি প্রথিতযশা কথাশিল্পী বৰগোহাঞিয়ে ভাষণ প্রসংগত কয় যে এই কবিতা পুথিখনৰ প্রতিটো কবিতাতে নিজকে অসমীয়া বুলি প্রতিপন্ন কৰাৰ আভাষ পোৱা যায়৷ ছয়গাঁৱলৈ যোৱাৰ দিন ধৰি চৰ–চাপৰিত বসবাস কৰা লোকসকলৰ জীৱন–যাপন আৰু দুখ–দুর্দশাই তেওঁক প্রভাৱিত কৰিছিল বুলি বৰগোহাঞিয়ে উল্লেখ কৰে৷ এই জনগোষ্ঠীটোৰ বিষয়ে তেওঁ বিভিন্ন লেখাৰ মাজেৰে বর্ণনা কৰি অহা বুলি ভাষণ প্রসংগত উল্লেখ কৰি কয় যে চৰ–চাপৰিত বসবাস কৰা লোকসকল অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ৷ ১৯৬৮ চনত ‘নীলাচল’ৰ সম্পাদক হৈ থাকোঁতে বৃহৎ অসমীয়া জাতি কেনেদৰ গঠন কৰিব পাৰি সেই সন্দর্ভত ন–সমীয়া মুছলমান, চাহ মজদুৰ, ৰাজস্থানী আৰু নেপালী লোকসকলক লৈ চাৰিটা বিশেষ সংখ্যা প্রকাশ কৰাৰ কথাও ভাষণ প্রসংগত বৰগোহাঞিয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ৰাজস্থানী লোকসকলৰ বাহিৰে বাকী তিনিওটা জনগোষ্ঠীৰ লোকসকল অসমীয়াৰ কৃষ্টি–সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰিছে৷ তেওঁ লিখা ইছমাইল শ্বেখৰ সন্ধানত নামৰ গল্পটোৰ মাজেৰে প্রতীকী ৰূপত বৃহত্তৰ অসমীয়া সমাজত কাক কাক ল’ব পৰা যায় তাৰ আভাষ পোৱা যায়৷
১৯৭৯ চনৰ বিদেশী খেদা আন্দোলনৰ কথা ভাষণ প্রসংগত উল্লেখ কৰি বৰগোহাঞি কয় যে পৃথিৱীৰ ইতিহাসত এনেকুৱা কোনো নজিৰ নাই যে লক্ষ লক্ষ মানুহক আন্দোলন কৰি খেদিব পৰা যায়৷ অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ সময়তে কলগাছিয়াত তেওঁ বিশেষ অধিৱেশন পাতিছিল৷ কিন্তু তেতিয়াৰে পৰা অসম সাহিত্য সভাৰ এজনো সভাপতিয়ে কলগাছিয়াৰ দৰে অঞ্চলত সাহিত্য সভাৰ অধিৱেশন পতাত গুৰুত্ব দিয়া নাই বুলি ভাষণ প্রসংগত উল্লেখ কৰে৷ এনেকুৱা অঞ্চলত সাহিত্য সভাই অধিৱেশন অনুষ্ঠিত কৰিলে জনগোষ্ঠীটোৰ অগ্রগতিত বিশেষ ভূমিকা গ্রহণ কৰিব বুলি মন্তব্য কৰে৷ ইছমাইল হোছেইনে আঁত ধৰা এই গ্রন্থ উন্মোচনী অনুষ্ঠানতে চৰ–চাপৰি অসমীয়া সমাজে আগন্তুক বর্ষৰ পৰা কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্মদিনটো ‘জাতীয় সমন্বয় দিন’ হিচাপে পালন কৰিব বুলি ঘোষণা কৰে৷ এই গ্রন্থ উন্মোচনী অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়া, ডাঃ ফজলুল হক চৌধুৰী, ড০ আবুল হুছেইন, ড০ ইকবাল হুছেইন খান, ছাজিমুদ্দিন আহমেদ, মাফিদা খাতুন, ফজল আলী আহমেদ, ওমৰ আলী চৌধুৰী, বর্ণালী নেওগ, কবিতা গোস্বামী, প্লাৱিতা মহন্ত, ড০ বুলজিৎ বুঢ়াগোহাঁইৰ লগতে চৰ–চাপৰি অঞ্চলৰ বহুকেইগৰাকী কবি–সাহিত্যিক, শিল্পী উপস্থিত থাকে৷