নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰীয়ে

ব্ৰহ্মপুত্ৰ -ননৈ-শাকতোলাৰ বান নিয়ন্ত্ৰণৰ বাবে ৩৪ কোটি

নিয়মীয়া বাৰ্তা ১১মেঃ বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ বাঢ়নী দৰঙৰ কুৰুৱাত ছিগি নিয়া ৰিং বান্ধ আৰু মহাবাহুৰ উত্তৰ দিশৰ ৰঙামাটি -কুৰুৱা মথাউৰি মেৰিমতিৰ জলসম্পদ বিভাগে ৰূপায়ণ কৰা আঁচনি পৰ্যবেক্ষণ কৰিবলৈ আহিব ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।লকডাউনৰ মাজতে মঙলদৈ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শদীপক ভট্টাচাৰ্যৰ লগতে অন্যান্য বিষয়াসকলৰ সৈতে জলসম্পদ বিভাগৰ অধীনত ছিপাঝাৰ বিধানসভা সমষ্টিত চলি থকা ব্ৰহ্মপুত্ৰৰ ৰঙামাটি -কুৰুৱা মথাউৰিৰ নিৰ্মাণ আচনি আৰু কুৰুৱা ৰিং বান্ধকে ধৰি সমষ্টিটোৰ অন্যান্য কেইবাখনো আঁচনি পৰ্যবেক্ষণ কৰি সমষ্টিটোৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই প্ৰকাশ কৰে এই কথা।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ ৰিং বান্ধ আৰু ৰঙামাটি -কুৰুৱা মথাউৰিৰ বাবে জলসম্পদ বিভাগে ১২কোটি ৬৫ লাখ ১৩ হাজাৰ টকা আবন্টন দিছে আৰু সম্প্ৰতি তীব্ৰ গতিত চলি আছে আঁচনিৰ কাম কাজ।লক্ষণীয় যে বিগত বানত একপ্ৰকাৰ প্ৰলয় সৃষ্টি কৰা ননৈৰ দুয়ো দিশৰ ভগ্ন মথাউৰিৰো নিৰ্মাণ কাৰ্য সম্প্ৰতি চলি আছে।উক্ত আঁচনিৰ বাবেও জলসম্পদ বিভাগে ১৯কোটি ৭৬ লাখ ৭৭ হাজাৰ টকা আবণ্টন দিছে।লক্ষণীয় যে কিছু অগ্ৰগতি লাভ কৰাৰ পিছতে ঘোষণা হোৱা লকডাউনৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ পৰিছিল যদিও সম্প্ৰতি কিছু শিথিল কৰি দিয়াত বৰ্তমান কাম চলি আছে। কুৰুৱা আৰু ননৈৰ নিৰ্মীয়মান আঁচনিৰ উপৰিও শাকতোলা নদীৰ মথাউৰীত নিৰ্মীয়মান ১ কোটি ৫৩ লাখ টকীয়া শ্লুইছ গেটকে ধৰি প্ৰতিখন আঁচনি পৰ্যবেক্ষণ কৰাৰ লগতে বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াই বিভাগীয় বিষয়া -অভিযন্ত্ৰাৰ লগত আলোচনাত মিলিত হৈ নিৰ্মাণ কাৰ্যত যাতে কোনো ক্ৰতি নাৰাখে তাৰ বাবেও সকীয়াই দিয়ে।ক’ৰোনা মহামাৰীৰ এই দুৰ্যোগৰ মাজতো বাৰিষা হ’ব পৰা সাম্ভাব্য বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ ইয়া কাম-কাজ সমূহ খৰতকীয়া কৰি বাৰিষাৰ আগেয়ে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে বিধায়ক শ‌ইকীয়াই।

উল্লেখযোগ্য মথাউৰি ছিগাৰ পিছত যে ননৈ আৰু কুৰুৱাৰ পৰিবেশ বুজ লোৱাৰ বাবে মন্ত্ৰী দ্বয় ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেশৱ মহন্ত নিজে আহি পৰিস্থিতি বুজ লোৱাৰ বিপৰীতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিধায়ক বিনন্দ শ‌ইকীয়াৰ নেতৃত্বত কুৰুৱাৰ এটা সঁজাতী দলৰ লগত পৰিস্থিতি পৰ্যালোচনা কৰিছিল। আনকি মুখ্য মন্ত্ৰীয়ে নিজে নিৰ্মাণ কাৰ্য প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলিও জানিবলৈ দিছে ছিপাঝাৰৰ বিধায়ক গৰাকীয়ে।।

You might also like