সদনত স্বাস্থ্য বিভাগক প্ৰশংসা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
আকৌ বিজেপিৰে চৰকাৰ হ'ব বুলি দাবী মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ অসমত পুনৰ বিজেপিৰে চৰকাৰ আহিব বুলি বিধানসভাৰ মজিয়াত দাবী মুখ্যমন্ত্ৰী সোণোৱালৰ। বিৰোধিক কটাক্ষ কৰি বেজাৰ নকৰিবলৈ শান্তনা দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইপিনে ভাষণৰ মাজত স্বাস্থ্যবিভাগক প্ৰসংশা কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, স্বাস্থ্যবিভাগে আজি যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু। ইয়াৰ বাবাে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আনহাতে এছআই কেলেংকাৰীৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰশ্নকাকত ফাদিল হোৱা বুলি গম পোৱাৰ লগেলগে পৰীক্ষা বাতিল কৰা হৈছিল আৰু ৯০ দিনতকৈও কম সময়ৰ ভিতৰতে এই কেলেংকাৰীৰ ৩৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।