শিৱসাগৰত বিজেপি যুৱ মর্চাৰ ৰাজ্যিক কার্যনির্বাহকত মুখ্যমন্ত্ৰী
চুকাফাৰ সার্বজনীন নীতি এতিয়া সমগ্র দেশে আঁকোৱালি লৈছে
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ সকলো জাতি–জনগোষ্ঠীক একত্রিতভাৱে আগবঢ়াই নিয়াৰ বাবে চাওলুং চুকাফাই গ্রহণ কৰা নীতি আজি সমগ্র ভাৰতবর্ষতেই প্রযোজ্য হৈ উঠিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকালতেই উত্তৰ–পূর্বাঞ্চলকে ধৰি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে বিৰাজমান হৈ উঠিছে স্বর্গদেউ চুকাফাই গঢ়ি থৈ যোৱা সার্বজনীন নীতি৷ –শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপি যুৱ মর্চাৰ দুদিনীয়া ৰাজ্যিক কার্যনির্বাহকৰ কালি প্রথম দিনাৰ কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এনেদৰে কয়৷
শিৱসাগৰ অ’ এন জি চিৰ আৱাসিক চৌহদত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চত ৰাজ্যৰ কেউখন জিলাৰ পৰা অহা যুৱ মর্চাৰ প্রতিনিধিৰ উপস্থিতিত পতাকা উত্তোলনেৰে অধিৱেশনখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ভাৰতীয় জনতা যুৱ মর্চাৰ সভাপতি অনুপ বর্মনে৷
সম্পূর্ণ তাই আহোম প্রথাৰে পূজা–র্চনাৰ অন্তত আৰম্ভ হোৱা অধিৱেশনত মুখ্যমন্ত্রী সোণোৱালে যুৱ মর্চাৰ যুৱ শক্তিক দেশ নির্মাণৰ আধাৰ বুলি উল্লেখ কৰে৷ যাৰ বাবে ২০১৪ চনৰ বিজেপিৰ প্রথমটো কার্যকালতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশৰ ৮৫ কোটি যুৱ শক্তিক লৈয়েই ৰাষ্ট্র নির্মাণৰ সপোন ৰচিছিল৷ এই যুৱ শক্তিক লৈ সঠিক ৰূপত দেশ নির্মাণৰ অর্থে মোদীয়ে হাতত লৈছিল স্কীল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টার্ট ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ দৰে অভিলাষী আঁচনি৷
ক’ভিডৰ পৰিপ্রেক্ষিতত সমগ্র দেশৰ উন্নয়নৰ লগতে সমগ্র সেৱা স্তব্ধ হৈ যোৱাৰ সময়ত কিন্তু দেশৰ যুৱ শক্তিক লৈ আৰম্ভ কৰা স্কীল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টার্ট ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়াই সমগ্র দেশক দিছিল এক নতুন পথৰ সন্ধান৷ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ধেমাজিলৈকে আৰু তিনিওখন পাহাৰীয়া জিলাৰ পৰা অহা ৰাজ্যিক যুৱ মর্চাৰ প্রতিনিধিক উদ্দেশ্যি মুখ্যমন্ত্রী সোণোৱালে কয় যে যুৱৰ অর্থই হৈছে যুঁজি যোৱা, সংকল্প লোৱা৷
শেহতীয়া লকডাউনৰ সময়ত বিজেপিৰ ৪২ লাখ কর্মকর্তাই অসমৰ দৰিদ্র জনতাৰ কাষত থিয় হৈ যি মানৱসেৱাৰ নিদর্শন দাঙি ধৰিছে, সেয়া সমগ্র ভাৰতবর্ষৰ ভিতৰতেই বিৰল দৃষ্টান্ত হিচাপে চিহ্ণিত হৈ ৰ’ব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে লকডাউনে জুৰুলা কৰাৰ সময়তো ৰাজ্যখনৰ ৫৮ হাজাৰ আত্মসহায়ক গোটে ৯১৫ কোটি টকাৰ অভিলেখসংখ্যক উপার্জন কৰিবলৈ সক্ষম হৈছে৷
প্রদূষণমুক্ত অসমৰ লক্ষ্যৰে দহ কোটি গছপুলি ৰোপণৰ পৰিকল্পনা হাতত লোৱা অসম ৰাজ্যই বর্তমানলৈকে আঠ কোটি গছপুলি ৰোপণ কৰি দেশৰ ভিতৰতেই অন্য এক অভিলেখ ৰচনা কৰিলে বুলি ফৰেষ্ট ছার্ভে অৱ ইণ্ডিয়াই ঘোষণা কৰিছে৷ আন নালাগে একেটা সংস্থাই আগন্তুক পাঁচটা বছৰৰ ভিতৰত অসমৰ বনভূমি ২২২ বর্গ কিলোমিটাৰলৈ বৃদ্ধি পাব বুলিও আশা প্রকাশ কৰিছে৷
আনহাতে, যুৱ মর্চাৰ দ্বিতীয় সত্রৰ কার্যকালত অন্যতম মার্গ দর্শক হিচাপে উপস্থিত থকা ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– শিৱসাগৰৰ এই কার্যনির্বাহক সভাৰ পৰাই আমি ২০২১ বর্ষৰ ৰণডংকা বজালোঁ৷ সততা, বিশ্বাসযোগ্যতা, শ্রম, একাগ্রতাৰে আগবাঢ়ি যোৱা বিজেপিৰ যিকোনো কর্মকর্তাক বিজেপিয়ে সঠিক আসনত উপৱিষ্ট কৰাব। ৰঞ্জিত দাসে কংগ্রেছ এটা কলহত আবদ্ধ হৈ থকা এজাক কেঁকোৰাৰ দল বুলি উল্লেখ কৰাৰ লগতে ওপৰলৈ উঠি আহিব বিচৰাজনক পিছলৈ টানি ধৰাটো কংগ্রেছৰ এক নিয়ম বুলি তেওঁ উল্লেখ কৰে৷
প্রথম দিনাৰ উদ্বোধনী কার্যসূচীত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্রী যোগেন মহন, কেন্দ্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মা, ৰাজ্যিক মুখ্য মুখপাত্র ৰূপম গোস্বামী, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি তথা যুৱ মর্চাৰ প্রভাৰী জয়ন্ত দাস, সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়িকা নৱনীতা সন্দিকৈ, বিধায়ক কুশল দুৱৰী, বিজেপি নেত্রী সুৰভি ৰাজকুমাৰী, যুৱ মর্চাৰ প্রাক্তন সভাপতি দিপ্লুৰঞ্জন শর্মা, পৱিত্র মার্ঘেৰিটা, ৰাজ্যিক নেত্রী হেমপ্রভা শর্মা, চাহ মর্চাৰ প্রহ্লাদ গোৱালা, ৰাজ্যিক নেত্রী ডাঃ অংশুমিতা গগৈ, দীপিকা দুৱৰী, অলি মহন আদি৷
মুখ্যমন্ত্রী সোণোৱালে যুৱ মর্চাৰ ‘থিম ছং’ আৰু ‘পলকতে শিৱসাগৰ’ শীর্ষক এখন পুস্তিকা উন্মোচন কৰে৷ ইপিনে কেন্দ্রীয় খাদ্য সংসাধন মন্ত্রী ৰামেশ্বৰ তেলীয়ে আত্মনির্ভৰ ভাৰতৰ জৰিয়তে সমগ্র ভাৰতবর্ষত দুই লাখ ক্ষুদ্র উদ্যোগ তেওঁৰ বিভাগৰ দ্বাৰা স্থাপন কৰা হ’ব আৰু অসমত প্রায় ১৩ হাজাৰ ক্ষুদ্র–মজলীয়া উদ্যোগ স্থাপিত হ’ব বুলি কার্যনির্বাহক সভাখনত উল্লেখ কৰে৷ ৰাজ্যিক কার্যনির্বাহক সভাখনত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শর্মাই যুৱ সতীর্থসকলক উদ্দেশ্যি’Knowledge base Politics’ কৰিবলৈ আগ্রহ প্রকাশ কৰে৷