নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত উন্নয়নমূলক কামৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ টিংখাঙত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিধায়ক বিমল বৰা, প্ৰশান্ত ফুকন, নৱনীতা সন্দিকৈ, ঋতুপৰ্ণ বৰুৱাৰ উপৰি পুলক গোহাঁই আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে এইকেইটা গুৰুত্বপূৰ্ণ কাম।

 -‘অসম দৰ্শন’ আঁচনিৰ অধীনত টিংখাং সমষ্টিত ৫৫টা নামঘৰৰ পুনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ।

– ১,৯৫৯ খিলঞ্জীয়া ভূমিহীন হিতাধিকাৰীক ভূমিৰ পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান।

– ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)’ৰ অধীনত ২,৪৭৭টা ঘৰৰ শুভ উদ্বোধন।

– ৫১টা পথৰ পুনৰ নিৰ্মাণ, ১৭ খন পানী যোগান আঁচনিৰ নৱীকৰণ, ২০ খন চাহ বাগিচাত শিশু ওমলা ঘৰৰ নৱীকৰণ আৰু টাই বান্ধৰ তাৎক্ষণিক মেৰামতি কাৰ্যৰ শুভাৰম্ভ।

-‘কনকলতা মহিলা সবলীকৰণ আঁচনি’ৰ অধীনত ৬৩৮টা আত্মসহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান।

-চতুৰ্দশ বিত্ত আয়োগৰ পুঁজিৰে নিৰ্মিত ২৬২ খন বিদ্যালয়ৰ পুনৰ নিৰ্মিত গৃহৰ শুভ উদ্বোধন।

You might also like