আমাক আৰু কোনো আন্দোলন নালাগে
বড়ো গণ মঞ্চৰ উৰিয়ামঘাট অধিৱেশনত বিকাশৰ ধ্বনি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ‘বড়োলেণ্ডৰ বাহিৰত অসমৰ বিভিন্ন প্রান্তত বসবাস কৰা বড়ো লোকসকলৰ স্বার্থত বড়ো চুক্তি মতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ মিহিনিশ্বৰ বসুমতাৰীৰ নেতৃত্বত অসম চৰকাৰে গঠন কৰি দিলে৷’ আজি গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ মিথিংগা নগৰত বর্ণাঢ়্য কার্যসূচীৰে অনুষ্ঠিত হোৱা সন্মিলিত বডো গণ মঞ্চৰ সপ্তম বার্ষিক কেন্দ্রীয় অধিৱেশনৰ এখন বিশাল জনসভাক সম্বোধন কৰি এই ঘোষণা কৰে অসম চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিয়লি প্রায় তিনি বজাত হেলিকপ্টাৰৰে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰাৰ লগে লগে উপস্থিত ৰাইজে হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, মামা জিন্দাবাদ, ভাৰত মাতা কী জয়, বিজেপি চৰকাৰ জিন্দাবাদ আদি শ্লোগান দি আদৰণি জনায়৷ প্রায় এক কিলোমিটাৰ পথ ৰাইজৰ লগত খোজকাঢ়ি অধিৱেশনস্থলীত উপস্থিত হয়৷ এক কিলোমিটাৰ পদযাত্রাৰ সময়ছোৱাত মন্ত্রীগৰাকীক পথৰ কাষে কাষে ৰৈ থকা ৰাইজে পুষ্পবৃষ্টিৰে আদৰণি জনায়৷ সন্মিলিত বডো গণ মঞ্চৰ সপ্তম বার্ষিক অধিৱেশনৰ উদ্যাপন সমিতিৰ সভাপতি বিশ্বজিৎ ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ভাষণ প্রসংগত মন্ত্রী
ড০ হিমন্ত বিশ্ব শর্মাই কয়– মোৰ লগত খোজকাঢ়ি অহা সকলোকে ধন্যবাদ জনাইছেছা৷ উৰিয়ামঘাটৰ জৰাজীর্ণ বাট–পথ দেখি মন্ত্রীগৰাকীয়ে কয়– অসমৰ ক’তো ইমান বেয়া ৰাস্তা দেখা নাই৷ নিজকে পি ডব্লিউ ডি মিনিষ্টাৰ বুলি ক’বলৈ লাজ লাগিছে৷ সৰুপথাৰ বিধানসভা সমষ্টিত কেনেকৈ ইমান বেয়া ৰাস্তা থাকি গ’ল৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– অসমত এটা সময় আছিল, য’ত বড়ো জনগোষ্ঠীৰ লোক আছিল, সকলো বড়ো চুক্তিৰ আন্দোলনত জঁপিয়াই পৰিছিল৷ এক ইতিহাস ৰচনা কৰি বি টি আৰ নির্বাচনত প্রথমবাৰৰ বাবে বড়ো ভূমিত শান্তি–সম্প্রীতিৰ নিদর্শন দাঙি ধৰিলে৷ বি টি আৰৰ বাহিৰৰ বড়োসকলৰ বাবে বড়ো স্বায়ত্তশাসিত পৰিষদ গঠনৰ কথা আমি ২০২০ চনত কৈছিলোঁ৷ বি টি আৰৰ সমানে বাহিৰত থকা বডোসকলো সমানে উন্নয়নত আগবাঢ়ি যাব লাগিব৷ কালি গঠন কৰা হ’ল বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ৷ ইয়াৰ লগে লগে বিকাশৰ নতুন যাত্রা আৰম্ভ কৰিম৷ অহা বার্ষিক বাজেটত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ বাবে ধন ধার্য কৰা হ’ব৷
মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয়– এই সফলতাৰ বাবে সদায় আমি কৃতজ্ঞ হৈ থাকিম প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ ওচৰত৷ তেওঁ লগতে কয়– আমাক আৰু কোনো আন্দোলন নালাগে, বিকাশ আৰু উন্নয়নৰ জৰিয়তে সকলো সমস্যা সমাধান কৰিম৷ ভৱিষ্যতে আৰু অসমখনক বিভক্ত কৰিব নালাগে, তাৰ বাবে সকলোৱে মিলি কাম কৰিব লাগিব৷ পাঁচ বছৰত যি ধৰণে কাম কৰা হ’ল, তাৰ দ্বাৰা এখন বিকশিত অসম গঢ়িবলৈ সক্ষম হৈছোঁ৷ ক’ভিডৰ দৰে মহামাৰীকো আমি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছোঁ৷ স্বাস্থ্য, শিক্ষা, যাতায়াত ব্যৱস্থাক নতুন ৰূপত সজাই তুলিছিলোঁ৷ এটা বছৰত ৮ হাজাৰ কিলোমিটাৰ পথ নির্মাণ কৰিছোঁ৷ অসমত ১১খন মেডিকেল কলেজ স্থাপন কৰা হৈছে৷ নতুন ইঞ্জিনীয়াৰিং কলেজ স্থাপন হৈছে৷ ল’ৰাবিলাকক বুলেট দিয়া প্রসংগত কয়– হেলমেট পিন্ধিব লাগিব৷ ল’ৰাবিলাকে অহাবাৰ বুলেট পাব লাগিব৷ সকলো পাব, কিন্তু ভালকৈ পঢ়িব লাগিব৷ ভাৰতৰ কোনো ৰাজ্যত নাই, একমাত্র অসমত আছে অৰুণোদই আঁচনি৷ ৮৩০ টকাৰ পৰিৱর্তে ৩০০০ টকালৈ বৃদ্ধি কৰিব লাগিব৷ প্রধানমন্ত্রীৰ সিদ্ধান্ত– পঞ্চম শ্রেণীলৈকে সকলো ভাষাৰ ছাত্র–ছাত্রীয়ে নিজৰ মাতৃভাষাত পঢ়িব লাগিব৷ প্রসংগত ড০ শর্মাই উল্লেখ কৰে– অহা বছৰ এই বছৰতকৈও বেছি শিক্ষক নিযুক্তি দিম৷