নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ সৰুসজাই ক্রীড়া প্রকল্পত ডিআৰডি’ৰ সহযোগত নির্মাণ কৰা ক’ভিড হাস্পতালখনত চিকিৎসাধীন ৰোগীসকলক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (জিএমচিএইচ) স্থানান্তৰ কৰা হয়৷ সাময়িকভাৱে হাস্পতালখন মেৰামতিৰ বাবে ৰোগীসকলক স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ ইফালে, ডিআৰডি’ৰ সহযোগত নির্মাণ কৰা এই হাস্পতালত কর্তব্যৰত চিকিৎসক আৰু নার্ছৰ শৰীৰত স্ক্রাব টাইফাছ নামৰ এটা ৰোগৰ সংক্রমণ ঘটাৰ বাবেও তাৎক্ষণিকভাৱে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি এটা সূত্রই সদৰী কৰিছে৷ চিকিৎসককে ধৰি মুঠ চাৰিজন স্বাস্থ্যকর্মীৰ শৰীৰত এই স্ক্রাব টাইফাছ ৰোগ ধৰা পৰিছে৷ অৱশ্যে স্ক্রাব টাইফাছ ৰোগৰ সংক্রমণ অসমত পূর্বেও ঘটিছিল বুলি প্রকাশ কৰিছে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই৷ এই ৰোগক লৈ শংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই ৰোগৰ ঔষধ সহজলভ্য৷ এন্দুৰ বা নিগনিৰ পৰা এই ৰোগ বিয়পে৷
উল্লেখ্য যে যোৱা ১০ জুনত ডিআৰডি’ৰ সহযোগত নির্মাণ কৰা এই বিশেষ ক’ভিড হাস্পতালখন মুকলি কৰা হৈছিল৷ আইচিইউ, অক্সিজেন বিছনা, ভেণ্টিলেটৰকে ধৰি সকলো ধৰণৰ উন্নতমানৰ সা–সুবিধা এই হাস্পতালখনত সংযোগ কৰা হৈছিল৷ প্রায় ২০ কোটি টকা ব্যয় সাপেক্ষে এই হাস্পতালখন নির্মাণ কৰা হৈছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তত্ত্বাৱধানত ডিআৰডি’ৰ ক’ভিড হাস্পতালত ৰোগীসকলৰ চিকিৎসা চলি আছিল৷ ক্রমাগতভাৱে ৰাজ্যত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ লগে লগে হাস্পতালসমূহত ক’ভিড ৰোগীৰ সংখ্যাও হ্রাস পাইছে৷ শেহতীয়াকৈ জিএমচিএইচত যথেষ্ট বিছনা ক’ভিড ৰোগীৰ বাবে খালী থকাৰ প্রতি লক্ষ্য ৰাখি এই ৰোগীসকলক সৰুসজাইৰ পৰা জিএমচিএইচলৈ স্থানান্তৰ কৰা হৈছে বুলিও সদৰী কৰিছে অধীক্ষক ডাঃ শর্মাই৷ একে সময়তে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা অনুসৰি সৰুসজাই ক’ভিড হাস্পতালখন সাময়িকভাৱে ১৫ দিনৰ বাবে বন্ধ ৰখা হ’ব৷ এই সময়ছোৱাত হাস্পতালখনৰ মেৰামতিৰ কাম সম্পূর্ণ কৰা হ’ব৷
ৰাজ্যত ক’ৰোনাত আক্রান্ত ৪৯৯জন, মৃত্যু ৯
ক্রমাৎ ৰাজ্যত হ্রাস পাবলৈ লৈছে ক’ৰোনাৰ সংক্রমণ৷ আজিৰ দিনটোত আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ৪৯৯জন৷ শুকুৰবাৰৰ দিনটোত ৭৫,০০৪জন লোকৰ ক’ভিড পৰীক্ষা কৰাত ৪৯৯জন লোক পজিটিভ চিনাক্ত হয়৷ আক্রান্তৰ হাৰ ০.৬৭ শতাংশ৷ আক্রান্ত হোৱাসকলৰ ১১৩জন কামৰূপ মহানগৰ জিলাৰ, ৩৮জন গোলাঘাট জিলাৰ, ৩৬জন যোৰহাট জিলাৰ আৰু ৩২জন নলবাৰী জিলাৰ৷ আনহাতে, আজি ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে ৯জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ তিনিজনকৈ গোলাঘাট আৰু কামৰূপ (মহানগৰ) জিলাৰ, দুজন ওদালগুৰি জিলাৰ আৰু এজন শিৱসাগৰ জিলাৰ৷ সংক্রমণ অব্যাহত আছে যদিও ক’ৰোনাৰ পৰা মুক্ত হৈ আজিৰ দিনটোত ৭৩৯জন লোক চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে৷ অৱশ্যে এতিয়াও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৬,১৮৫জন ক’ৰোনা আক্রান্ত লোক৷